প্ৰশাসনৰ অনুমতি অবিহনে কলিতা জনগোষ্ঠী সন্মিলনে শুকুৰবাৰে খানাপাৰাত ৰূপায়ণ কৰিছিল 'দিছপুৰ চলো' কাৰ্যসূচী ।
কলিতা জনগোষ্ঠীক জনজাতিকৰণ তথা অন্যান্য বহুকেইটা দাবীত দিছপুৰ চলো কাৰ্যসূচী খানাপাৰাৰ গণেশ মন্দিৰ ইনড'ৰ ষ্টেডিয়ামৰ সন্মুখৰ পৰা প্ৰতিবাদকাৰীসকলে আৰম্ভ কৰিব বিচাৰিছিল ।
কিন্তু আৰক্ষী-প্ৰশাসনে বাধা আৰোপ কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয় । পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি সোণাপুৰ থানালৈ লৈ যায় ।
কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ডঃ সোণেশ্বৰ কলিতা, সাধাৰণ সম্পাদক দেৱ কুমাৰ ডেকাকে ধৰি শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
গ্ৰেপ্তাৰৰ সময়ত সভাপতি ডঃ সোণেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে তেওঁলোকে দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও তেওঁলোকক অতি বৰ্বৰভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় ।
তেওঁ লগতে হুংকাৰ দি কয় যে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিব লাগিব ।
জনজাতিকৰণকে ধৰি কলিতা জনগোষ্ঠীৰ অন্য দাবীসমূহ যেনে চৰকাৰে আশ্বাস দিয়া ভগদত্ত প্ৰকল্প নিৰ্মাণৰ বাবে গুৱাহাটীত ১০ বিঘা মাটি তথা ২০১৮ বৰ্ষৰ বাজেটত ধৰা ৫ কোটি টকা শীঘ্ৰে প্ৰদান কৰা, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মাণ বগীবিল দলঙৰ নাম মণিৰাম দেৱানৰ নামত নামকৰণ কৰা, আৰ্থসামাজিক পিয়লৰ ব্যৱস্থা কৰা ইত্যাদি ।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, কলিতা মন্ত্ৰী-বিধায়ক গ' বেক, জনজাতিকৰণ লাগিবই, ন' এছ টি ন' ৰেষ্ট, অসম পুলিচৰ গুণ্ডাগিৰি নচলিব, ইত্যাদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গণেশ মন্দিৰ ইনড'ৰ ষ্টেডিয়ামৰ সন্মুখত ।
- Log in to post comments
- 14 views