বিলাসীপাৰাত ই-ৰিক্সা আটক কৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ, আৰক্ষীৰ লাঠী ছাৰ্জ

dd

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি আৰক্ষী প্ৰশাসনে ৰি-ৰিক্সা আটক কৰা কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। জানিব পৰা মতে বিলাসীপাৰাত কেইদিন মান আগতে ট্ৰাফিক আৰক্ষী প্ৰশাসনে ৫২ খন ই-ৰিক্সা আটক কৰি আঢ়ৈ হাজাৰ কৈ টকা জৰিমনা আদায় কৰি এৰি দিয়ে । আজিও ২৫ খন ই-ৰিক্সা আৰক্ষী ট্ৰাফিকে আটক কৰাত ই-ৰিক্সাৰ চালক, ৰাইজৰ লগতে দল সংগঠনৰ মাজত তীব্ৰ উত্তেজনাৰ বিৰাজ কৰে ।

দুখীয়া দৰিদ্ৰ মানুহবোৰে পৰিয়ালৰ পোহ-পাল দিয়াৰ বাবে লোণ ঋন আদি লৈ ই-ৰিক্সা ক্রয় কৰি বিলাসীপাৰা চহৰত চলাই আছে । ই-ৰিক্সা মালিক বা চালকক বিলাসীপাৰা আৰক্ষী প্ৰশাসনে হাৰাশাস্তি কৰা কেন্দ্ৰ কৰি আজি বিয়লি থানা মোৰৰ পৰা ই-ৰিক্সা চালক, ৰাইজৰ লগতে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, এন এছ ইউ আই সংগঠন আদি চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ-পাতাল উত্তাল কৰি আহি বিলাসীপাৰা গান্ধী চ'কত পথ অৱৰোধ কৰে । বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া নিৰ্দেশ মৰ্মে পথ অৱৰোধ কাৰী দল সংগঠনক প্ৰতিবাদ সাব্যস্ত কৰাত বাধা প্ৰদান কৰে ।

ss

কিন্ত প্ৰতিবাদকাৰীয়ে  ৰাইজৰ দাবী মানিবলৈ প্ৰশাসন আগত বিভিন্ন শ্লোগানেৰে চাপ সৃষ্টি কৰে । তেনেতে প্ৰশাসনে প্ৰতিবাদীসকলক লাঠী ছাৰ্জ কৰি খেদি পঠিয়াই । আৰক্ষীৰ লাঠী ছাৰ্জত কেইবা গৰাকী প্ৰতিবাদকাৰী আহত হয় । আহত কেইগৰাকীৰ ভিতৰত কোকৰাঝাৰ জিলা এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন শ্বেখো আছে।

কেইবা গৰাকী ব্যক্তি আৰক্ষীৰ লাঠী ছাৰ্জত আহত হোৱাত বিভিন্ন দল-সংগঠনৰ লগতে ধুবুৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নাজিমুল হকে চৰকাৰ তথা বিলাসীপাৰা আৰক্ষী প্ৰশাসনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । ইফালে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া ই কয় যে এনে আন্দোলন আইন সংগত নহয়  বুলি জানিবলৈ দিয়ে । 


 

Your Comments