জামুগুৰিহাটৰ পৰা প্ৰণৱ জ্যোতি ভট্টাচাৰ্য
জামুগুৰি আৰক্ষী থানাৰ অন্তগৰ্ত ৰঙাচুকুৱাৰ খকনৱস্তিত এজন লোকক মৰিয়াই নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা ২৯ ছেপ্টেম্বৰত ১নং বৰদিকৰাই খকনবস্তিত ফ্ৰান্সিচ মালাৰ ৩৮ বয়সীয়া মানুহ এজনক সন্ধিয়া কোনো কথাত গাওঁখনৰ একাংশ ব্যক্তিৰ লগত তৰ্ক-বিতৰ্ক হয় ৷ পাছত গাওঁখনৰ একাংশই বাহৰ লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰাত মালাৰ ঘটনা স্থলীত মৃত্যু হয় ৷ সেই দৃশ্য গাওঁখনৰ আন একাংশ মানুহে প্ৰত্যক্ষ কৰে যদিও ঘটনা সংঘটিত স্থানলৈ আহিবলৈ সাহস নকৰিলে ৷
গাওঁখনৰ ১০ জনৰো অধিক উগ্ৰ মানসিকতাৰ লোকে ফ্ৰান্সিচ মালাক ঘেৰি ধৰি মৰিয়াই মৰিয়াই হত্যা কৰা বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে কয় ৷ পাছত ফ্ৰান্সিচকে অভিযুক্তসকলে ঘটনা স্থলীৰ পৰা প্ৰায় দুশ মিটাৰ মান দূৰত্বৰ এজোপা বাহঁগছৰ তলত পুতি থয় ৷ উল্লেখযোগ্য যে ঘটনাৰ দিনা ফ্ৰান্সিচৰ পত্নী শান্তি মালা আৰু তেওঁৰ দুই এমা-ডিমা সন্তানসহ পিতৃৰ ঘৰত আছিল ৷ পৰিয়ালৰ লোকক কোনো কথাত অবগত নকৰাকে ফ্ৰান্সিক গাঁৱত মাটি খান্দি পুতি থোৱাৰ পাছত আজি পুৱা পত্নী শান্তি য়ে জামুগুৰি থানাত এজাহাৰ দাখিল কৰে ৷
তাৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে বিয়লি পুতি থোৱা অৱস্থানৰ পৰা ফ্ৰান্সিচ মালা মৃতদেহ উদ্ধাৰ কৰে আৰু লগতে মৰোণোওৰ পৰীক্ষাৰ বাবে পঠায় ৷ এইখিনিতে উল্লেখযোগ্য যে উক্ত ঘটনাৰ সন্দৰ্ভত গাঁওবাসীয়ে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰাত আৰক্ষীৰ তদন্তত ব্যাঘাত জন্মিছে ৷
- Log in to post comments
- 4 views