পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় নিত্যব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছু কৰ্মীসকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰিবই লাগিব আদি শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ ৷
কাৰ্যসূচী ৰূপায়ণৰ অন্তত বঙাইগাঁও জিলা আছুই পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰি ৰাইজক সকাহ দিয়াৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক-পত্ৰও প্ৰদান কৰে ৷ ইপিনে জিলা আছুৰ সভাপতি পাৰ্থজিৎ ৰায় আৰু সাধাৰণ সম্পাদক মথুৰা বৰ্মনে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে 'সবকা কা সাথ, সবকা বিকাশ' শ্লোগান আওৰাইছে যদিও সঁচা অৰ্থত কিন্তু মূল্যবৃদ্ধি ৰোধ কৰি সৰ্বসাধাৰণ ৰাইজৰ বিকাশ সাধন কৰিব পৰা নাই ৷
যিটো সময়ত ৰাইজে অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে সেই সময়ত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি কৰি ৰাইজক চিন্তিত কৰি তুলিছে ৷ তাৰোপৰি চৰকাৰে পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি কৰি ৰাইজক ৰাম টাঙোনহে শোধাইছে ৷ সেয়ে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বঙাইগাঁৱতো জিলা আছুই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বুলি কয় ৷
উল্লেখ্য যে বিক্ষোভ কাৰ্যসূচীৰ পূৰ্বে আছু কৰ্মীসকলে চহৰখনত থকা সংগঠনটোৰ জিলা কাৰ্যালয় ছহিদ ভৱনৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদলো উলিয়ায় ৷
- Log in to post comments
- 10 views