'ঢাল-তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰৰ দৰে অসমৰ জলসম্পদ বিভাগ ৷ জল সম্পদ বিভাগৰ ওপৰত বিধানসভাৰ মুঠেও বিশ্বাস নাই । যাৰ পৰিণতিত বিভাগটো এটা পৰিপূৰক বিভাগ হিচাপে চিহ্নিত হৈছে ।'
বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাই আয়োজন কৰা এখনি সংবাদমেলত সন্থাটোৰ সভাপতি মুহি বৰগোহাঁইৰ এই মন্তব্য ৷ সংবাদমেলত তেওঁ জনায় যে বাৰিষাৰ বান আৰু খহনীয়াৰ প্ৰতিকাৰৰ বাবে প্ৰতি বছৰে চৰকাৰে আঁচনি ৰূপায়ণ কৰি আহিছে যদিও বাজেটত পুঁজি নিৰ্ধাৰণৰ বেলিকা বিধানসভাই জলসম্পদ বিভাগৰ হাজাৰ কোটি টকা দাবীৰ বিপৰীতে শ কোটি টকা নিৰ্ধাৰণ কৰিবলৈও টান পায় ৰাজ্যৰ বিত্ত বিভাগ আৰু অসম বিধানসভাই ।
এফ এম পি আঁচনিৰ বিনিময়ত দীৰ্ঘদিনীয়া অনাদায় পুঁজি বাজেটত নিৰ্ধাৰণৰ বাবে জল সম্পদ বিভাগে দাবী কৰা ১,২৫৪ কোটি টকাৰ বিপৰীতে যোৱা বাৰ্ষিক বাজেট অধিবেশনত মাত্ৰ ৫৩.৩০ কোটি টকাহে ধার্য কৰিলে ।
ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া প্ৰায় ১৫৫ কোটি টকা বিত্ত বিভাগে আজিও মুকলি কৰি দিয়া নাই বুলি সভাপতি মুহি বৰগোহাঁয়ে অভিযোগ কৰে । ই-টেণ্ডাৰিং পদ্ধতিৰে আহ্বান কৰা নিবিদাত যথেষ্ট খেলিমেলি থকা দেখা যায় ।
আৰু এই পদ্ধতিৰ বাবে থলুৱা ঠিকাদাৰসকলক পেটে-ভাতে মৰাৰো জলসম্পদ বিভাগে ব্যৱস্থা কৰিছে বুলি তেওঁ জনায় ।
অহা ১২ অক্টোবৰৰ ভিতৰত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উদ্যোগত নিবিদাৰ পেকেজৰ চৰ্তাৱলী সম্পৰ্কে আলোচনা কৰিবৰ বাবে আহ্বান জনায় । অন্যথা মুখ্য অভিযন্তাৰ কাৰ্যালয়ত যিকোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু আইনৰ কাষ চাপিবলৈ বাধ্য হ'ব । তাৰবাবে যদি ৰাইজৰ উন্নয়ন বিঘ্নিত হয় তেতিয়াহ'লে জগৰীয়া হ'ব জল সম্পদ বিভাগ ।
আনহাতে, ঠিকাদাৰসকলে নিজৰ ধন খৰচ কৰিও মথাউৰি নিৰ্মাণৰ লগতে অন্যান্য উন্নয়নমূলক কাম কৰা বুলিও মুহি বৰগোহাঁয়ে সংবাদমেলত জানিবলৈ দিয়ে ।
- Log in to post comments
- 7 views