আদালতৰ পৰা আগতীয়া জামিন লাভ সবিতা দাসৰ

আদালতৰ পৰা আগতীয়া জামিন লাভ সবিতা দাসৰ

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা

আদালতৰ পৰা অগ্ৰিম জামিন লৈ বাচি গ'ল উপ-আৰক্ষী অধীক্ষক সবিতা দাস ৷ বুধবাৰে দীৰ্ঘ সময়ৰ বাবে নগাঁও আৰক্ষীৰ জেৰাৰ সন্মুখীন হয় সবিতা দাস ৷ তিনি ঘণ্টাৰো অধিক সময় আৰক্ষীৰ জেৰাৰ সন্মুখীন হয় উপ-আৰক্ষী অধীক্ষক সবিতা দাস ৷

উল্লেখ্য যে জ্যোতি খাউণ্ড নামৰ এজন গৃহৰক্ষী জোৱানৰ জৰিয়তে নগাঁৱৰ এগৰাকী যুৱকৰ পৰা ৪০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷

যুৱকজনৰ অভিযোগৰ ভিত্তিত ৩০০১/১৮ নম্বৰৰ এটা গোচৰ বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল ৷ আজি সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰে উপ-আৰক্ষী অধীক্ষক সবিতা দাসে ৷

লগতে তেওঁৰ নিলম্বনত বহু উচ্চ স্তৰীয় ব্যক্তিৰ হাত থকা বুলিও দাবী কৰে ৷ আনহাতে, তদন্ত নকৰাকৈয়ে তেওঁক নিলম্বন কৰাৰ লগতে একেটা গোচৰত অভিযুক্ত গৃহৰক্ষী জোৱানজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে নিলম্বিত উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
 
 

Your Comments