মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলীত ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলীত ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

নিউজ এ এছ এন প্ৰতিনিধি, মাজুলী

মূল্যবৃদ্ধি ৰোধ কৰা, পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰা, জনসাধাৰণৰ মাজত সুশাসন ব্যৱস্থা কৰা আদিকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতিৰে ক্ষমতাৰ বাঘজৰী দখল কৰা বিজেপি চৰকাৰে এতিয়া মূল্যবৃদ্ধিৰে ত্ৰাহি মধুসুদন দেখাইছে সাধাৰণ জনতাক ।

ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধি, পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিদিনে বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন যাত্ৰীবাহী বাছ তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি মাজুলী মহকুমা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে ।

বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, ইনকিলাব জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে মাজুলীৰ ৰাজপথ উত্তাল হৈ পৰে ।

ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি কৰি সৰ্বসাধাৰণ জনতাৰ ওপৰত চলোৱা মানসিক অত্যাচাৰ বন্ধ কৰাৰ বাবে প্ৰতিবাদস্থলীৰ পৰা মাজুলী মহকুমা ছাত্র সন্থাৰ সম্পাদক বিতোপন শৰ্মাই দাবী জনায় ।

Your Comments