দুৰ্গাপূজাৰ বেনাৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবীৰে উপায়ুক্তলৈ স্মাৰক-পত্ৰ বৰপেটাৰোড সাহিত্য সভাৰ

দুৰ্গাপূজাৰ বেনাৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবীৰে উপায়ুক্তলৈ স্মাৰক-পত্ৰ বৰপেটাৰোড সাহিত্য সভাৰ

বৰপেটাৰোডৰ পৰা ৰণজিৎ তালুকদাৰ


প্রতি,

মাননীয় উপায়ুক্ত মহোদয়, 
বৰপেটা, অসম

তাৰিখ :৩০/০৯/২০১৮ ইং


বিষয় : অসম চৰকাৰী ভাষা আইন, ১৯৬০ অনুসৰি দুৰ্গাপূজাৰ বেনাৰত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী তুলি স্মাৰক-পত্র ।

মহাশয়,

নমস্কাৰ গ্ৰহণ কৰিব । 
ভাৰতীয় সংবিধানৰ ৩৪৫ অনুচ্ছেদৰ ব্যৱস্থা অনুসৰি অসম বিধানসভাই ১৯৬০ চনৰ ২৪ অক্টোবৰত অসম চৰকাৰী ভাষা আইন (অসম আইন নং XXX ॥|-1960)খন গ্ৰহণ কৰিছিল ।

লগে লগে অসমীয়া ভাষাই ৰাজ্যভাষা তথা চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে । সেই একেই বছৰৰ ১৭ ডিচেম্বৰত আইনখনত ৰাজ্যপালে সন্মতিসূচক স্বাক্ষৰ প্ৰদান কৰাৰ পিছত ই আইনত পৰিণত হয় ।

কিন্তু তাৎপর্যপূর্ণ কথা এই যে ইয়াৰ পিছতো এচাম অসমীয়া বিদ্বেষী লোকৰ ষড়যন্ত্রত মাজে মাজে অসমীয়া ভাষাক এলাগী কৰাৰ অপচেষ্টা চলি অহা দেখা যায় । তাৰেই এক উদাহৰণ হিচাপে যোৱা কেইবছৰৰ দৰে এইবেলিও বৃহত্তৰ বৰপেটাৰোডৰ বিভিন্ন এলেকাত দুর্গাপূজাৰ বেনাৰত অসমীয়া ভাষাক সম্পূৰ্ণৰূপে এলাগী কৰি বাংলা ভাষাক প্রাধান্য দিয়াত সচেতন মহলৰ চকু কপালত উঠিছে ।

আনকি বিষয়টি সামাজিক মাধ্যমত (Social Media)ত প্রকাশ হোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে । এই কার্যক বৰপেটাৰোড সাহিত্য সভাই একেমুখে ধিক্কাৰ দি ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে ।

সেয়ে এনে এটি স্পর্শকাতৰ বিষয় যাতে অতি সোনকালে আপোনাৰ তৰফৰ পৰা সমাধান হয় তাৰবাবে আপোনাৰ ওচৰত দাবী জনালোঁ । লগতে কামৰূপ মহানগৰ প্ৰশাসনৰ লেখীয়াকৈ এইবেলি যাতে বৃহত্তৰ বৰপেটা জিলাৰ ভিন্ন প্রান্তৰ দুর্গাপূজাৰ বেনাৰ, পোষ্টাৰ, হর্ডিংসমূহত অসমীয়া ভাষা ব্যৱহাৰ হয় তাৰবাবে দাবী জনালোঁ । 

পুনৰ শ্ৰদ্ধাৰে-


ভৱদীয়-

কুলেন চৌধুৰী
সম্পাদক

Your Comments