মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক সম্পৰ্কে পশ্চিম দৰঙৰ দুনীত বিৰূপ মন্তব্য কৰা পতঞ্জলিৰ যোগগুৰু সতীনাথ বাৰালা নামৰ বহিৰাগত ৰামদেৱৰ শিষ্যজনৰ বিৰুদ্ধে কুমাৰীকাটা মৌজাৰ শাখা সত্ৰসমূহে আজি কুমাৰীকাটাৰ ১২ খন শাখা সত্ৰৰ সহযোগত ধৰ্মীয় প্ৰতিবাদী সমদল উলিয়ায় ৷ কুমাৰীকাটা শাখা সত্ৰৰ পৰা জালাহ ৰোডেৰে বাক্সা জিলা পতঞ্জলি আচাৰ্যকুলমলৈ প্ৰায় ৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি এই ধৰ্মীয় প্ৰতিবাদী সমদল ৰূপায়ণ কৰে ।
প্ৰতিবাদকাৰীসকলে ৰাম দেৱ নিপাত যাওক, পতঞ্জলিৰ সামগ্ৰী বৰ্জন কৰক, সতীনাথ বাৰালক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে কুমাৰীকাটাৰ আকাশ-বতাহ কঁপাই তোলাৰ লগতে বাক্সা জিলা উপায়ক্তলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদী সমদলত বাঁহবাৰী শাখা সত্ৰ, উত্তৰ কুমাৰীকাটা শাখা সত্ৰ, হাজাৰাগাঁও নামঘৰ শাখা সত্ৰ, বৈঠাপুতা শাখা সত্ৰ, দামোদৰদেৱ শাখা সত্ৰ, ৩ আৰু ৪ নং কালিপুৰ শাখা সত্ৰ, চাহেবটোপা শাখা সত্ৰ, দলংগামেলা শাখা সত্ৰ, গোপীনাথপুৰ শাখা সত্ৰ, খৈৰাবাৰী শাখা সত্ৰ, অসম সত্ৰ মহাসভাৰ সদস্যসকলৰ লগতে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 8 views