গুৱাহাটীৰ ভূমি পট্টাবিহীন ৰাইজক থলুৱা ৰাইজক পট্টা প্ৰদান কৰাৰ দাবীত তথা ৰাজ্যৰ অন্য প্ৰান্তত মাটি থকা গুৱাহাটীৰ ভূমিহীন লোকসকলক মাটিৰ পট্টা নিদিয়ো বুলি চৰকাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধীতাৰে বুধবাৰে পুনৰবাৰ দিচপুৰ লাষ্টগেটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ মহানগৰ জিলা শাখাই যুটীয়াভাৱে উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
তদুপৰি যোৱা ৬ ছেপ্টেম্বৰত জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত ভূমি পট্টা প্ৰদান সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে যদিও ভূমি পট্টা বিচাৰি আবেদন কৰা আবেদনকাৰীৰ নামত আনকি পিতৃ-মাতৃৰ নামতো অসমৰ কোনো ঠাইতে মাটি থাকিব নোৱাৰিব বুলিও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে ।
কেবিনেটত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক হঠকাৰী আখ্যা দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সেয়েহে আজি দিছপুৰ লাষ্টগে’টত গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা বুলি জানিবলৈ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰে ।
উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বেদান্ত লস্কৰে বৰ্তমানৰ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কয় ‘কংগ্ৰেছ চৰকাৰৰ দিনতে গুৱাহাটীৰ থলুৱা ভূমিহীন লোকসকলক ভূমি প্ৰদানৰ উদ্দেশ্য আগত ৰাখি ডাঃ ভূমিধৰ বৰ্মন কমিটী গঠন কৰিছিল । কিন্তু ডাঃ ভূমিধৰ বৰ্মণ কমিটীয়ে ভূমি পট্টাৰ বাবে ১২ দফীয়া অনুমোদন দিছিল, সেই অনুমোদন তেতিয়াৰ চৰকাৰে আশ্চৰ্য্যজনকভাৱে চৰকাৰে সেই প্ৰতিবেদন গাপ দি ৰাখিলে ৷’
আনহাতে, বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনৰ আধাৰত গুৱাহাটীৰ ভূমিহীন থলুৱা লোকক লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰে ৰাজহুৱা নকৰা বুলি গুৰুতৰ অভিযোগ তোলে বেদান্ত লস্কৰে ।
তদুপৰি, ‘চৰকাৰে অসমৰ অন্য ঠাইত মাটি থকা মানুহক গুৱাহটীত মাটিৰ পট্টা নিদিয়াৰ সিদ্ধান্তই থলুৱা অসমীয়াক ভয়ংকৰ ক্ষতি সাধন কৰিব’ বুলি তেওঁ কয় ।
উক্ত প্ৰতিবাদস্থলীৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ উক্ত সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী জনোৱাৰ লগতে এটা পৰিয়ালক ডেৰ কঠাৰ পৰা ৩ কঠা পৰ্য্যন্ত বাসভূমিৰ পট্টা দিবৰ বাবে দাবী জনায়। লগতে গুৱাহাটীৰ চৰকাৰী মাটি, পাহাৰ, বনাঞ্চল আৰু জলাশয়ৰ মাটি বৃহৎ কৰ্পৰেট গোষ্ঠী তথা বিল্ডাৰসমূহক দিয়া বন্ধ কৰিবৰ বাবেও দাবী জনায়।
আনহাতে, বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবৰ বাবেও কৃষক মুক্তি সংগাম সমিতিয়ে দাবী জনায়।
উল্লেখ্য যে, ৫ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদস্থলীৰ পৰাই মুখ্য মন্ত্ৰীলৈ উক্ত দাবীসমূহ সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
- Log in to post comments
- 131 views