গান্ধী জয়ন্তীত দিছপুৰত অনশনত বহিল বেতন বঞ্চিত অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী 

ৌৌ

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই যোৱা ১২ চেপ্তেম্বৰৰ দিনা অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সৈতে আলোচনাত বহি শিক্ষক-কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি যেন ফুটুকাৰ ফেনত পৰিণত হ'ল । সেয়েহে ২ অক্টোবৰ দিনটো বিদ্যালয়ত উদযাপন কৰিবলৈ এৰি দিছপুৰ লাষ্টগে'টত প্ৰতিকী অনশন কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই ।

উল্লেখ্য যে উক্ত আলোচনাকালত ১০ দিনৰ ভিতৰত কাৰ্য বিবৰণী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ১০ দিন পাৰ হৈ যোৱাৰ পাছতো কোনোধৰণৰ কাৰ্য বিবৰণী নিদিয়াত নিৰাশা হৈ পৰে শিক্ষক-কৰ্মচাৰীসকল । আনহাতে, বিধানসভাৰ অধিবেশন চলি থকাৰ সময়তে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য বিদেশ ভ্ৰমণত ব্যস্ত থকাত ক্ষোভ উজাৰে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে । তেওঁ কয় "চলিত বিধানসভা অধিবেশনত ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ আইন ২০১৭ ব্যাপক সংশোধনীৰ জৰিয়তে প্ৰাদেশীকৰণৰ মুখ দেখিবলৈ বাট চাই থকা শিক্ষক-কৰ্মচাৰীক নিৰাশা কৰি শিক্ষা মন্ত্ৰী নিজে লণ্ডন ভ্ৰমণত ব্যস্ত হৈ আছে।"

্্

তদুপৰি প্ৰাদেশীকৰণ আইন ২০১১ সংশোধনী ২০১২ আৰু ২০১৩-ৰ অধীনত ৮৮৩২ খন শিক্ষানুষ্ঠানত কৰ্মৰত ৪১,৬৫৮ গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ কৰাৰ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত আইনখন বাতিল কৰাত সেইসকল শিক্ষক-কৰ্মচাৰীক প্ৰদেশীকৰণ আইন ২০১৭ৰ অধীনলৈ আনি পদসমূহ সুৰক্ষিত কৰি দা-দৰমহা প্ৰদান কৰি আহিছে বুলি তেওঁ আমাক জানিবলৈ দিয়ে ।

"উক্ত নীতি অনুসৰি একেই আইনৰ অধীনত প্ৰাদেশীকৰণৰ বাবে যোগ্যতা প্ৰদান কৰি ৬৬০৮ খন শিক্ষানুষ্ঠানৰ ৩৩৬৬৮ গৰাকী শিক্ষক কৰ্মচাৰীৰ ওপৰত চক্ৰান্তমূলকভাৱে প্ৰাদেশীকৰণ আইনৰ আসোঁৱাহ পূৰ্ণ ধাৰা উপ-ধাৰা জাপি দিয়াৰ ফলত প্ৰাপ্য মৰ্যদাৰ পৰা শিক্ষক কৰ্মচাৰীসকল বঞ্চিত হ'ল ।" এইদৰে আনোৱাৰ হুছেইনে কয় ।

আনহাতে, একাংশ শিক্ষকক নিৰ্দিষ্ট বিষয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ অজুহাত দেখুৱাই প্ৰাদেশীকৰণৰ পৰা বঞ্চিত কৰি সুদীৰ্ঘ ২৫/৩০ বছৰে বিনা বেতনে কাম কৰা শিক্ষকসকলক শিক্ষা বিভাগে নাজল-নাথল কৰি আহিছে বুলি অভিযোগ কৰে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে ।
তেওঁ লগতে কয় "বিনা বেতনে কাম কৰাৰ ফলত একাংশ শিক্ষকে বিনা চিকিৎসাই মৃত্যুবৰণ কৰাৰ লগতে একাংশই মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাৰ পথ বাচি লৈছে ।"

Your Comments