গহপুৰৰ টকৌবাৰীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল বালি ভৰ্তি ট্ৰাক । এ এছ ২৫চি ৮২৫৩ নম্বৰৰ এই ট্ৰাক খনে দ্ৰুতবেগেৰে গতি কৰাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱায় বাগৰি পৰে। গাড়ীখনৰ চালক সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় যদিও হেন্ডিমেন জন গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়। দুয়োজনকে গহপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখযোগ্য যে দ্ৰুতবেগেৰে গাড়ী চলোৱাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে গহপুৰৰ এই টকৌবাৰী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত।
- Log in to post comments
- 4 views