লাষ্টগে’ট কঁপাই অংগনৱাড়ী কৰ্মীৰ বিস্ফোভ

dd

অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বিস্ফোভত আজি উত্তাল হৈ পৰিল দিছপুৰ লাষ্টগে’ট ৷ প্ৰতিবাদকাৰী সকলে জনায় যে বৰ্তমান অঙ্গনবাড়ী কেন্দ্ৰ সমূহৰ আন্তঃ গাঁথনিৰ ব্যৱস্থা তেনেই তথৈবচ। বহু প্ৰকল্পত অঙ্গনবাড়ী কেন্দ্ৰৰ নিজা ঘৰ নাই, যিবোৰত আছে সেই ঘৰবোৰৰ অৱস্থা জৰাজীৰ্ণ ৷ সকলো কেন্দ্ৰতে নাই খোৱাপানীৰ ব্যৱস্থা, সকলো কেন্দ্ৰলৈ নাযায় নিয়মীয়া কৈ খাদ্য যোগানৰ ধন।

s

যাৰ ফলত চৰকাৰে বিচৰা ধৰণে শিশু আৰু মহিলাৰ উপযুক্ত যতন লব পৰা নাই এই কৰ্মচাৰী সকলে। আৰু এনে অৱস্থাৰ বাবেই বহু সময়ত কৰ্মী - সহায়িকা সকল স্থানীয় হিতাধিকাৰী  সকলৰ অসন্তুষ্টিৰ বলি হ'ব লগা হৈছে। আনহাতে চলিত বিধানসভাত সমাজ কল্যান মন্ত্রী প্ৰমিলাৰাণী ব্ৰহ্মই  অঙ্গনবাড়ীৰ কেন্দ্ৰৰ ঘৰ মেৰামতিৰ বাবে সমষ্টি ভিত্তিত ১৮ লাখ টকা ঘোষণা কৰে যদিও এয়া এপাচি শাকত এটা জালুকৰ নিচিনা বুলিও প্ৰতিবাদকাৰী সকলে জনায়। 

f

অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই প্ৰতিবাদত তিনিটাকৈ দাবী উত্থাপন কৰে। আৰু এই দাবী সমূহ হ'ল -
অসমৰ সকলো অঙ্গনবাড়ী কেন্দ্ৰৰ ঘৰ বিজ্ঞান সন্মত ভাৱে নিৰ্মান কৰি দিয়াৰ ব্যৱস্থা কৰা,  প্ৰতিটো অঙ্গনবাড়ী কেন্দ্ৰত খোৱাপানী, বিদ্যুৎ যোগান, ৰন্ধন গেছ, খেলৰ সামগ্ৰী, শিক্ষা সামগ্ৰী যোগান নিশ্চিত কৰা, মিনি অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা মাননী বকেয়াসহ ৩,৫০০ টকা আদায় দিয়া, অৱসৰকালীন সুবিধা হিচাপে কৰ্মী সকলক দুই লাখ আৰু সহায়িকাক ১লাখ ৫০ হাজাৰ টকা এককালীন সাহায্য প্ৰদান কৰা, অসমৰ সকলো প্ৰকল্পত সকলো বকেয়া মাননী দুৰ্গা পূজাৰ আগতে আদায় দিয়া আদি ৷

Your Comments