দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এখনি সংবাদমেলত সমন্বয় সমিতিৰ আহ্বায়ক বিকাশ দেয়ে কয় যে কৰ্মচাৰীসকলে চৰকাৰৰ পৰা কোনো ধৰণৰ দৰমহা পোৱা নাই আৰু যাৰ ফলস্বৰূপে ৩ অক্টোবৰত দিছপুৰ লাষ্টগেটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে ।
তদুপৰি ২০১৪ চনতে মাথো জানুৱাৰী-ফেব্ৰুৱাৰী এই দুমাহৰ বাবে মাত্ৰ ১০ হাজাৰ টকা দিছিল আৰু পিছৰ চাৰিমাহ মিলাই একেলগে ২০ হাজাৰ টকা মাননী হিচাপে চৰকাৰৰ ফালৰ পৰা দিছিল । তাৰ পাছৰে পৰা ৰাজ্যখনৰ ৭৯৬১ গৰাকী কৰ্মচাৰীয়ে চৰকাৰৰ পৰা কোনোধৰণৰ দৰমহা নোপোৱাকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত কাম কৰি আছে বুলি সংবাদমেলত বিকাশ দেই এই কথা জনায় ।
উল্লেখ্য যে চৰকাৰৰ ফালৰ পৰা কোনো নিয়মীয়া দৰমহা নোপোৱাকৈ কামৰূপ মহানগৰ জিলাৰ বিশেষকৈ গুৱাহাটীৰ উপকন্ঠ অঞ্চলত উক্ত কৰ্মচাৰীসকলৰ মাজৰে কেইগৰাকীমানে কিছু সংখ্যক আঁচনিৰ কাম নিয়াৰিকৈ কৰি আছে । তাৰ পৰা চৰকাৰে সুনাম অৰ্জন কৰি আছে বুলিও এক অভিযোগ কৰে ।
আনহাতে, বহু চহৰ নগৰ অথবা গ্ৰামাঞ্চলত জলস্তৰ নামি যোৱাৰ ফলত তথা বিদ্যুৎৰ লুকা-ভাকু চলি থকাৰ বাবে কৰ্মচাৰীসকলে নিশা বহু দেৰিলৈকে নতুবা ওৰে নিশা উজাগৰে থাকি পানী উঠোৱাৰ অপেক্ষা কৰিবলগীয়া হয় ।
উদ্বেগজনক কথা যে এনেধৰণৰ কষ্টকৰ কাম কৰাৰ উপৰিও পৰিয়াল পোহ-পাল দিয়াৰ বাবে দিনৰভাগত কৰ্মচাৰীসকলে দিন হাজিৰা কৰিবলগীয়া হয় । সেয়েহে আজিৰ সংবাদমেলৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীক কৰ্মচাৰীসকলৰ প্ৰাপ্য মজুৰি দিয়াৰ দাবী জনোৱাৰ উপৰিও ১০,৫০০ টকা মাহিলী দৰমহা দিয়াৰ বাবেও দাবী জনায় ।
আনহাতে, বৰ্তমান চৰকাৰে নিৰ্মাণ কৰি দিয়া কমিটিখনেও কৰ্মচাৰীসকলক দিবলগীয়া ধন নিদিয়াৰ অভিযোগ তুলি লগতে কয় "২০১৩ চনতে চৰকাৰে মাহিলী হিচাপত মাহে ৫ হাজাৰ টকাৰ টকা দিবৰ বাবে নিৰ্দেশ দিছিল যদিও মাত্ৰ ৩ হাজাৰ টকাহে দিয়ে কমিটিখনে । "বিনা বেতনেৰে সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি নিয়মীয়াভাৱে দৰমহা লাভ কৰাৰ দাবী জনাই মুখ্য মন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান কৰি আহিছিল । কিন্তু চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ বাবে প্ৰতাৰিত এইসকল কৰ্মচাৰীয়ে প্ৰথমবাৰলৈ দিছপুৰ লাষ্টগেটত প্ৰতিবাদত নামিব ।
- Log in to post comments
- 9 views