জি আই এম টি, তেজপুৰত 'ছাৰ্জিকেল ষ্ট্ৰাইক ডে'' উদ্‌যাপন

জি আই এম টি, তেজপুৰত 'ছাৰ্জিকেল ষ্ট্ৰাইক ডে'' উদ্‌যাপন

অল ইণ্ডিয়া কাউন্সিল অব্‌ টেকনিকেল এডুকেচনছৰ নিৰ্দেশনা অনুযায়ী ২৯ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ লগতে জি আই এম টি, তেজপুৰতো ছাৰ্জিকেল ষ্ট্ৰাইক ডে' উদ্‌যাপন কৰা হয় ।

জি আই এম টি, তেজপুৰত 'ছাৰ্জিকেল ষ্ট্ৰাইক ডে'' উদ্‌যাপন

মহাবিদ্যালয়ৰ এ আই চি টি ই কমিটীৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় স্থলসেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন লোহিত চন্দ্ৰ ভূঞাই । উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ আগবঢ়োৱা ভাষণত ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বিভিন্ন বিভাগ, তেওঁলোকৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়ায় ।

জি আই এম টি, তেজপুৰত 'ছাৰ্জিকেল ষ্ট্ৰাইক ডে'' উদ্‌যাপন

তদুপৰি, বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো দেশ আৰু জনতাৰ সুৰক্ষাৰ হেতুকে সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ ৰোৱা সামৰিক জোৱানসকলৰ ত্যাগ আৰু কষ্টক তেওঁলোকৰ প্ৰাপ্য সন্মান প্ৰদৰ্শন কৰিবলৈ সকলোকে আহ্বান কৰে ।

জি আই এম টি, তেজপুৰত 'ছাৰ্জিকেল ষ্ট্ৰাইক ডে'' উদ্‌যাপন

ভাষণৰ শেষত ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা পৰিবেশিত 'পুষ্পাঞ্জলি' শীৰ্ষক তথ্যচিত্ৰ এখন প্ৰদৰ্শন কৰা হয় ।

Your Comments