কালানদীৰ সোঁতত উটি এজনৰ মৃত্যু

কালানদীৰ সোঁতত উটি এজনৰ মৃত্যু

তামুলপুৰত  কালানদীত উটি গৈ ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃত্যু । ব্যৱসায়ীজনৰ নাম ৰতিশ ৰায় বুলি জানিব পৰা গৈছে । তেওঁৰ বয়স ৬৫ বছৰ । তেঁওৰ ঘৰ তামুলপুৰ থানাৰ কুমাৰীকাটা আৰক্ষীচকীৰ অন্তৰ্গত নতুন বস্তিৰ আঙাৰকাটাত ।

জানিব পৰা মতে, অইন দিনাৰ দৰে শুকুৰবাৰে সন্ধিয়াও তেওঁ টেংকী বজাৰৰ পৰা নিজ গৃহলৈ গৈ আছিল । কিন্তু তেওঁ কালানদী পাৰ হ'বলৈ লওঁতেই নদীৰ বাঢ়নী পানীত উটি যায় । উল্লেখ্য যে নদীত কোনো স্থায়ী দলং নাছিল ।

কালানদীৰ সোঁতত উটি এজনৰ মৃত্যু

ইপিনে বহু পলমকৈ তেওঁ ঘৰ গৈ নোপোৱাত পৰিয়ালৰ লোকৰ মাজত হুৱা-দুৱা লাগে ।

গোটেই নিশা তেওঁক বিচাৰি চলাথ কৰে যদিও তেওঁৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে ।

আজি দিনৰ ভাগত তেওঁৰ মৃতদেহ কালানদীত উদ্ধাৰ হয় । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । 
 

Your Comments