ষ্ট্ৰীয় পৰিপুষ্টি মাহ উপলক্ষে যোৱা ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ পালন কৰি থকা পৰিপুষ্টি মাহৰ এক অংশ হিচাপে আজি তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত এক সজাগতা সমদল উলিওৱা হয় ।
দিনৰ ১০ বজাত উলিওৱা এই সমদলটোৰ শুভাৰম্ভ কৰে তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰীয়ে ।
সমদলত অংশগ্ৰহণকাৰীসকলে শৰীৰৰ পুষ্টিৰ বাবে পানী উতলাই ঠাণ্ডা কৰি খাব লাগে, স্বাস্থ্যই পৰম ধন, পানীত থকা অপপদাৰ্থ চেকি আঁতৰাব লাগে, সুস্থ মাতৃয়েহে সুস্থ সন্তান জন্ম দিব পাৰে, দুটি সন্তানেই যথেষ্ট আদি লিখিত বিভিন্ন বেনাৰ-ফেষ্টোন প্ৰদৰ্শন কৰাৰ লগতে শ্লোগান দিয়ে ।
সমদলটো তামুলপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে প্ৰায় ৫ কিলোমিটাৰ পথ পৰিভ্রমণ কৰে ।
- Log in to post comments
- 15 views