সোণাৰিৰ উৎকোচ কাণ্ড : আৰক্ষীৰ জালত পঞ্চায়তৰ তিনিজনকৈ সচিব

সোণাৰিৰ উৎকোচ কাণ্ড : আৰক্ষীৰ জালত পঞ্চায়তৰ তিনিজনকৈ সচিব

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ সোণাৰিত উৎকোচ কাণ্ড । সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনকৈ সচিবক ।

বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সচিব সুৰজিৎ পাল, সাপেখাতী গাঁও পঞ্চায়তৰ সচিব সুখেশ্বৰ গগৈ আৰু হৰিদেৱ গাঁও পঞ্চায়তৰ সচিব খগেন চেতিয়াক আৰক্ষীয়ে আটক কৰে।

উল্লেখ্য যে সোণাৰিৰ হোটেল গ্ৰীণভিউত গুৱাহাটীৰ পৰা অহা ৫জন গাণনিকক পঞ্চায়তৰ দুৰ্নীতি গাপ দিবলৈ উৎকোচ প্ৰদান কৰিছিল ধৃত সচিবকেইজনে । পূৰ্বতে গ্ৰেপ্তাৰ হৈছিল ৫জনকৈ গাণনিক ।

সোণাৰিৰ উৎকোচ কাণ্ডৰ তদন্তত নমা সোণাৰি এছ ডি পি অ' ত্ৰিদীপ কুমাৰ কাম্বাঙে উন্নয়ন খণ্ডৰ ১২জনতকৈ অধিক লোকক সোধা-পোছাৰ অন্তত আজি তিনিজন সচিবক আটক কৰিবলৈ সক্ষম হয় ।

মন কৰিবলগীয়া বিষয় যে উৎকোচৰ ধন আদায় দিয়াৰ তথ্য অনুসন্ধানকাৰী আৰক্ষী বিষয়াই উদ্ধাৰ কৰিছিল । দুয়োজন পঞ্চায়ত সচিবেই উন্নয়ন খণ্ডৰ শীৰ্ষ বিষয়াৰ মৌখিক নিৰ্দেশনাত উৎকোচৰ ধন প্ৰকাৰন্তে আদায় দিছিল বুলি আৰক্ষীৰ জেৰাৰ সময়ত স্বীকাৰ কৰে ।

ইফালে তৃতীয়জন পঞ্চায়ত সচিব সুৰজিত পালে উৎকোচ কাণ্ডত মধ‍্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল ৷

Your Comments