জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
নগাওঁ জিলাৰ ৰূপহীহাটৰ উত্তৰ খাতোৱালত ৬জনকৈ লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই । উত্তৰ খাটোৱালৰ বিদ্যুৎস্পৃষ্ট হৈ ৬জন মৃতকৰ পৰিয়ালৰ কাষত শুকুৰবাৰে উপস্থিত হয় ৰাজ্যিক জমিয়তৰ নেতৃবৃন্দৰ লগতে স্থানীয় বিধায়ক নুৰুল হুদা ।
সৰ্বভাৰতীয় জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানীৰ নিৰ্দেশত আৰু ৰাজ্যিক সভাপতি মুস্তাক আনফৰৰ ব্যৱস্হাপনত দুৰ্ভগীয়া পৰিয়ালৰ কাষত উপস্থিত হৈ মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰে ৷
মৃতকৰ পৰিয়াললৈ ৫০ হাজাৰ টকা আৰু আহতৰ পৰিয়াললৈ ১০ হাজাৰ আৰু কালিয়াদিঙ্গীয়া পাম গাঁৱৰ অগ্নিকাণ্ডত গৃহহীন হোৱা ১২টা পৰিয়াললৈ ১০ হাজাৰ টকাকৈ বিতৰণ কৰে জমিয়ত উলেমা-ই-হিন্দৰ নেতৃবৃন্দই ।
লগতে অসম চৰকাৰক মৃতকৰ পৰিয়াললৈ ১০ লাখকৈ টকা আৰু পৰিয়ালৰ লোকক এটা চৰকাৰী চাকৰিৰ দিয়াৰো দাবী জনায় ৰাজ্যিক জমিয়তৰ নেতৃবৃন্দই ৷
সাধাৰণ সম্পাদক মৌলনা আব্দুৰ ৰশিদ, গিয়াছ উদ্দিন আৰু স্হানীয় বিধায়ক নুৰুল হুদা উপস্হিত থাকি এই সাহায্য প্ৰদান কৰে ৷
- Log in to post comments
- 8 views