পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত দিছপুৰ কঁপালে আক্ৰাছুৱে

পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত দিছপুৰ কঁপালে আক্ৰাছুৱে

পৃথক কমতাপুৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অতুল বৰ্মন গোটে আজি দিছপুৰ লাষ্টগে'টত অৰ্ধ উলংগ হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । 

প্ৰতিবাদকাৰীসকলে বহু দিন ধৰি ৰাজ্য চৰকাৰৰ পৰা প্ৰতাৰিত, নিস্পেষিত আৰু লাঞ্ছিত হৈ অহা বুলি অভিযোগ তোলে । ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে 'ন' এছ টি, ন' ৰেষ্ট', আমাৰ দাবী ন্যায্য দাবী, আছে অস্ত্ৰ লোৱা নাই, ল'লে অস্ত্ৰ ৰক্ষা নাই, মোডী চৰকাৰ মিছলীয়া, আমাক জনজাতিকৰণ লাগিবই ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে দিছপুৰ লাষ্টগে'ট । 

প্ৰতিবাদত অংশগ্ৰহণ কৰা আক্ৰাছুৰ সভাপতি অতুল বৰ্মনে জানিবলৈ দিয়ে যে বিজেপি চৰকাৰে ভোট বেংকৰ স্বাৰ্থত কোচ ৰাজবংশীসকলক ব্যৱহাৰ কৰি আহিছে । 

পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত দিছপুৰ কঁপালে আক্ৰাছুৱে

তেওঁ লগতে কয়, "অতি পৰিতাপৰ কথা যে কংগ্ৰেছৰ পৰা আদি কৰি সদ্যশাসিত বিজেপি চৰকাৰে এই জনগোষ্ঠীক সদায় প্ৰতাৰণা কৰি আহিছে । এই চৰকাৰৰ নেতৃত্বত কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাটো দূৰৈৰে কথা, ভূমিপুত্ৰ তথা খিলঞ্জীয়াক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি বিদেশী সজোৱাৰ পৰিকল্পনাৰে কাৰ্যকলাপ চলাই থকা পৰিলক্ষিত হৈছে ।" 

আনহাতে, বহু কোচ ৰাজবংশী খিলঞ্জীয়া লোকক ডিটেনচন কেম্পত এই চৰকাৰখনে ভৰাই থোৱাৰো অভিযোগ কৰে । লগতে ডি-ভোটাৰ সজাই জনগোষ্ঠীটোক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে । 

তেওঁ ডি-ভোটাৰৰ নামত হাৰাশাস্তি কৰাটো বন্ধ কৰিবলৈও চৰকাৰক দাবী জনায় ৷ ডিটেনচন কেম্পত থকা কোচ ৰাজবংশীসকলক বিনাচৰ্তে মুকলি কৰি দিব লাগে বুলিও চৰকাৰক জনায় । 

আনহাতে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণা কৰি অহা পৃথক কমতাপুৰ ৰাজ্য গঠনৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে । 

উল্লেখ্য যে উক্ত দাবীসমূহ পূৰণ নকৰিলে বিজেপিক অসমৰ পৰা চিৰবিদায় দিয়াৰো হুংকাৰ দিয়ে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ।

Your Comments