'বিজেপি চৰকাৰে খিলঞ্জীয়া সংখ্যালঘুক আঢ়ৈ বছৰে কৰিছে প্ৰতাৰণা । ৬০ লাখ খিলঞ্জীয়া সংখ্যালঘু মানুহৰ উন্নয়নৰ নামত চৰকাৰে কৰিছে ল'ৰা-ধেমালি ।' এই মন্তব্য সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকৰ ।
সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যাণ পৰিষদ, অসমৰ যুটীয়া উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়াজন কৰা এক সংবাদমেলত এই অভিযোগ সংগঠনটোৰ ৷
সংবাদমেলযোগে তেওঁলোকে জনায় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ সংখ্যালঘু ৰাইজক চৰম প্ৰতাৰণা কৰিছে । এই চৰকাৰখনে ২০১৭-১৮ বিত্তীয় বৰ্ষত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ বাবে ১২ কোটি টকা ধার্য কৰাৰ পিছত ৯০ লাখহে মুকলি কৰি দিয়ে ।
ঠিক তেনেদৰে ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৩ কোটি টকা ধার্য কৰাৰ পিছতো বৰ্তমানলৈকে এক টকাও মুকলি কৰি দিয়া নাই বুলি তেওঁলোকে অভিযোগ কৰে । লগতে বিজেপি আৰু কংগ্ৰেছ দুয়োখন চৰকাৰেই একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি উল্লেখ কৰি এই বিজেপি চৰকাৰখনৰ কাম কৰাৰ ক্ষমতা নাই বুলিও তেওঁলোকে উল্লেখ কৰে ৷
আনহাতে, তেওঁলোকে ৬০ লাখ খিলঞ্জীয়া সংখ্যালঘুৰ বাবে ১২-১৩ কোটি টকাৰ পৰিৱৰ্তে ১০০ কোটি টকা বাজেটত ধার্য কৰিব লাগে বুলিও দাবী জনায় । এই দাবী যদি মানি নলয় তেনেহ'লে ১২ অক্টোবৰৰ পৰা সমগ্ৰ ৰাজ্যতে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে ।
সংবাদমেলত গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি আশ্রফ আলী, সাধাৰণ সম্পাদক মইনুল হক, দৰং জিলা কমিটীৰ সম্পাদক চামাউন হক উপস্থিত থাকে ।
- Log in to post comments
- 19 views