৬ বছৰ ৪ মাহৰ পিছত অৱশেষত মুকলি আকাশৰ তলত ৰাকেশ পাল

 A

 

নিউজ ডেস্ক:
  ৬ বছৰ ৪ মাহৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল এপিএএছচি কেলেংকাৰীৰ মূল নায়ক  ৰাকেশ পাল৷আদালতে জামিন মঞ্জুৰ কৰাৰ পিছত মুকলি আকাশৰ তললৈ আহি সকলোকে ধন্যবাদ জনায়  অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালে ৷উল্লেখ্য যে, অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে ২০১৬ চনৰ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।তেতিয়াৰে পৰা কাৰাবন্দী হৈ থকা পালৰ জামিন আবেদন শেহতীয়াকৈ মঞ্জুৰ কৰিছিল উচ্চ ন্যায়ালয়ে।
  

Your Comments