অপৰাধীক ৰাজনীতিত প্ৰৱেশত বাধা দিবলৈ সংসদক আইন প্ৰণয়নৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

অপৰাধীক ৰাজনীতিত প্ৰৱেশত বাধা দিবলৈ সংসদক আইন প্ৰণয়নৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

দাগী অপৰাধীসকলৰ ৰাজনীতিত প্ৰৱেশ ৰোধৰ বাবে দেশবাসীয়ে দীৰ্ঘ দিন ধৰি কৰা আকাংক্ষা পুনৰ মৰহি গ’ল ৷ ৰাজনীতিত অপৰাধীৰ প্ৰৱেশক ‘দুৰ্ভাগ্যজনক’ বুলি আখ্যা দিয়াৰ পিছতো সৰ্বোচ্চ ন্যায়ালয়ে ইয়াক বাধা দিয়াৰ দায়িত্ব সংসদৰ ওপৰতে এৰি দিলে ৷

মঙলবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বাধীন পাঁচ সদস্যৰ বিচাৰপীঠে অপৰাধীসকলক ৰাজনীতিত প্ৰৱেশত বাধা দিবলৈ অস্বীকাৰ কৰে ৷ বৰং সৰ্বোচ্চ ন্যায়ালয়ে ৰাজনীতিক অপৰাধীমুক্ত কৰাৰ বাবে আইন প্ৰণয়ন কৰাৰ দায়িত্ব সংসদৰ ওপৰতে এৰি দিয়ে ৷

উল্লেখ্য যে ‘এছোচিয়েচন অব্‌ ডেম'ক্ৰেটিক ৰিফৰ্ম' নামৰ এক সংস্থাৰ সমীক্ষা অনুসৰি, বৰ্তমান লোকসভাৰ সাংসদসকলৰ ভিতৰত গুৰুতৰ ফৌজদাৰী অপৰাধৰ গোচৰত অভিযুক্তৰ সংখ্যা চৰকাৰৰ প্ৰধান শাসক দল বিজেপিৰ ভিতৰতে সৰ্বাধিক ৷

বিজেপিৰ কমেও ২২ শতাংশ অৰ্থাৎ ৯৪জন সাংসদৰ বিৰুদ্ধে গুৰুতৰ ফৌজদাৰী অপৰাধৰ গোচৰ চলি আছে ৷ আনহাতে, অপৰাধী সাংসদৰ সংখ্যাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে শিৱসেনা ৷

শিৱসেনাৰ কমেও ১৫জন সাংসদৰ বিৰুদ্ধে ফৌজদাৰী অপৰাধৰ গোচৰ চলি আছে ৷ মঙলবাৰে সৰ্বোচ্চ ন্যায়ালৰ পাঁচজনীয়া বিচাৰপীঠে এক ৰায়ত কয় যে অপৰাধৰ গোচৰত অভিযুক্ত প্ৰতিজন প্ৰাৰ্থীয়েই নিৰ্বাচন আয়োগৰ ওচৰত তেওঁলোকৰ বিৰুদ্ধে চলি থকা গোচৰসমূহৰ সবিশেষ তথ্য দাখিল কৰিব লাগিব ৷

তদুপৰি, সংশ্লিষ্ট ৰাজনৈতিক দলবিলাকেও তেওঁলোকৰ প্ৰাৰ্থীসকলৰ বিষয়ে সকলো তথ্য তেওঁলোকৰ বেৱছাইটত প্ৰচাৰ কৰিব লাগিব ৷ সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশৰ উপৰি আন এক নিৰ্দেশত কয় যে ৰাজনৈতিক দলবিলাকে ইলেক্ট্ৰ'নিক আৰু ছপা মাধ্যমৰ যোগেদিও তেওঁলোকৰ প্ৰাৰ্থীসকলৰ সকলো তথ্য ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগিব ৷

লগতে অপৰাধীক ৰাজনীতিত প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ সংসদক আইন প্ৰণয়নৰ বিষয়ে বিবেচনা কৰিবলৈও আহ্বান জনায় সৰ্বোচ্চ ন্যায়ালয়ে ৷ ২০১১ চনত পাব্লিক ইণ্টাৰেষ্ট ফাউণ্ডচন নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই অপৰাধী তথা ফৌজদাৰী গোচৰত অভিযুক্ত ব্যক্তিসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ দাবী জনাই সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল ৷

ঘৃণনীয় অপৰাধত যুক্ত তথা পাঁচ বছৰৰ অধিককাল কৰাদণ্ড ভোগ কৰা অপৰাধীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নিষিদ্ধ কৰাৰো দাবী জনোৱা হৈছিল উক্ত আবেদনত ৷ এই গোচৰৰ শুনানিতেই যোৱা মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে এক শপতনামাত জনাইছে যে বৰ্তমান দেশৰ মুঠ ১,৭৬৫জন সাংসদ-বিধায়কৰ ভিতৰত এক-তৃতীয়াংশৰ বিৰুদ্ধেই বিভিন্ন ফৌজদাৰী অপৰাধৰ গোচৰ চলি আছে ৷

মঙলবাৰে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ৰায়ক এছোচিয়েচন অব্‌ ডেম'ক্ৰেটিক ৰাইটছৰ সদস্যই ‘হতাশজনক’ বুলি আখ্যা দিয়ে ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ অন্যান্য ন্যায়াধীশসকল হৈছে ফলি নৰিমেন, এ এম খাউইলকৰ, কি ৱাই চন্দ্ৰচূড় ৷

Your Comments