জম্মু-কাশ্মীৰত আৰক্ষী কৰ্মীসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি নামি আহিছে ভয়ংকৰ ভাবুকি ৷ পাকিস্তানৰ মদতপ্ৰাপ্ত কাশ্মীৰী জেহাদী সংগঠন হিজবুল মুজাহিদিনৰ পোনপটীয়া ভাবুকিত সন্ত্ৰস্ত হৈ যোৱা চাৰিটা দিনৰ ভিতৰত জম্মু-কাশ্মীৰত কমেও ৪০জন আৰক্ষী কৰ্মীয়ে চাকৰিৰ পৰা ইস্তাফা দিছে ৷
হিজবুল মুজাহিদিনে ছ'চিয়েল মিডিয়াত এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জম্মু-কাশ্মীৰৰ কাশ্মীৰী আৰক্ষীসকলক অনতি পলমে চাকৰি এৰিবলৈ আহ্বান জনাইছে ৷ যিসকল আৰক্ষী কৰ্মীয়ে হিজবুলৰ এই নিৰ্দেশ অমান্য কৰিব সেইসকল আৰক্ষীক হত্যা কৰা হ’ব বুলিও পোনপটীয়াভাৱে ভাবুকি দিয়া হয় ৷
কেৱল সেয়াই নহয়, হিজবুলৰ এই আদেশ অমান্য কৰা কৰ্তব্যৰত তিনিজন আৰক্ষী কৰ্মীক ইতিমধ্যে হিজবুলৰ সদস্যসকলে অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰিছে ৷ দক্ষিণ কাশ্মীৰৰ শ্ব’পিয়াৰত সন্ত্ৰাসবাদী সংগঠনটোৱে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছে যোৱা সপ্তাহত ৷
শ্ব’পিয়ানৰ এখন গাঁৱত এখন বাগিচাৰ কাষতে সন্ত্ৰাসবাদীয়ে তিনিজন আৰক্ষী কৰ্মীক গুলীৰে থকাসৰকা কৰি মৃতদেহ পেলাই থৈ যায় ৷ এই ঘটনাৰ পিছৰে পৰাই জম্মু-কাশ্মীৰত সাধাৰণ আৰক্ষী কৰ্মীসকলৰ মাজত আতংক বিয়পি পৰিছে ৷
যোৱা শুকুৰবাৰৰ পৰা সোমবাৰলৈকে প্ৰাণৰ ভয়ত কমেও ৪০জন কাশ্মীৰী আৰক্ষী কৰ্মীয়ে চাকৰিৰ পৰা ইস্তাফা দিয়ে ৷ লক্ষণীয় যে এই ধৰণৰ আতংকজনক পৰিস্থিতিত আৰক্ষীৰ পদত্যাগৰ ঘটনা সত্ত্বেও গৃহমন্ত্ৰীয়ে পদত্যাগৰ বাতৰি ভিত্তিহীন বুলি আখ্যা দিয়ে ৷
জম্মু-কাশ্মীৰৰ আৰক্ষী বিভাগেও এক বিবৃতিত আৰক্ষী কৰ্মীসকলৰ ইস্তাফাৰ বাতৰিক মিছা আৰু ভিত্তিহীন বুলি আখ্যা দিয়ে ৷ পাক সমৰ্থিত কাশ্মীৰী সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ এই ভাবুকিত ৰাজ্যখনৰ পুলোৱামা, শ্ব’পিয়ান আৰু কুলবাম জিলাত আৰক্ষী আৰু চৰকাৰী কৰ্মীসকলৰ মাজত ব্যাপকভাৱে আতংক বিয়পি পৰিছে ৷
আৰক্ষীৰ সূত্ৰই জনায়, হিজবুলৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত কমেও ৩,০০০ এছ পি অ’ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক নিৰাপদ ঠাইলৈ আঁতৰাই লৈ যোৱা হৈছে ৷ আৰক্ষী কৰ্মীসকলক ইস্তাফা দিয়াৰ পৰা বিৰত কৰিবলৈ চৰকাৰে এছ পি অ’সকলৰ দৰমহা ৬০০০ টকাৰ পৰা একেজাঁপতে ১০,০০০ টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ৷
হিজবুল মুজাহিদিনে আৰক্ষী কৰ্মীসকলৰ ভিতৰত ঘাইকৈ এছ পি অ’সকলকেই চাকৰি এৰিবলৈ পোনপটীয়াভাৱে ভাবুকি দিছে ৷ বৰ্তমান ৰাজ্যখনৰ এছ পি অ’ৰ সংখ্যা ৪০ হেজাৰৰো অধিক ৷
- Log in to post comments
- 13 views