"বটদ্ৰৱাৰ লালুংগাঁৱৰ ধৰ্ষণ-হত্যাকাণ্ডৰ ৰায় দিয়াৰ পিছত ছ'চিয়েল মিডিয়াত যিধৰণৰ অবাঞ্চিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা হৈছে, সেয়া খুবেই দুৰ্ভাগ্যজনক । আদালতৰ নিৰ্দেশ অনুসৰি অপৰাধী পক্ষৰ হৈ গোচৰ চলোৱা অধিবক্তাৰ বিৰুদ্ধে একাংশ লোকে আক্ৰোশমূলকভাৱে ছ'চিয়েল মিডিয়াযোগে অতি ভয়ানক অভিযোগ উত্থাপন কৰি অপপ্ৰচাৰ চলাইছে।"
এই মন্তব্য নগাঁও উকীল সন্থাৰ সভাপতি গংগা বল্লভ গোস্বামীৰ । আজি বিয়লি সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সভাপতি গোস্বামীয়ে কয়- আচামীজনৰো বাক্ স্বাধীনতা আছে ।
তেওঁ এজন দুৰ্ধৰ্ষ অপৰাধী হ'লেও আত্মপক্ষ সমৰ্থনৰ বাবে আইনী যুদ্ধত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব পাৰে । দৰিদ্ৰতা বা আন কাৰণত অপৰাধীৰ হৈ কোনো অধিবক্তা আগবাঢ়ি নাহিলে, তেওঁ এজন নাগৰিক হিচাপে আইন সাহায্য সেৱা লাভ কৰাৰ সুবিধা সংবিধানে দিছে ।
কিন্তু ইমানৰ পিছতো ছ'চিয়েল মিডিয়াত একাংশ লোকে সংবিধানে দিয়া সুবিধা প্ৰদান কৰিবলৈ যাওঁতে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি অশালীন মন্তব্যৰে অধিবক্তা সমাজৰ আত্মসন্মানত আঘাত হানিছে ।
এই মন্তব্যসমূহ সম্পূৰ্ণ আইনবিৰোধী । এনে হ'লে ন্যায় বিচাৰত বাধাৰ সৃষ্টি হ'ব পাৰে । সম্প্ৰতি ছ'চিয়েল মিডিয়া বিশেষকৈ ফেচবুক, টুইটাৰ, ৱাটছএপ আদিত যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে সভ্য সমাজক লজ্জানত কৰা মন্তব্য প্ৰকাশ কৰি আমাৰ সমাজখনত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে ।
ছ'চিয়েল মিডিয়াৰ এনে অপব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে সকলোৰে ক্ষতি হ'ব । আইন সম্পৰ্কে বহু লোকৰ সঠিক ধাৰণা নাই বুলি উল্লেখ কৰি গোস্বামীয়ে লগতে কয়, 'ভুল ধাৰণাৰ বশৱৰ্তী হৈ ছ'চিয়েল মিডিয়াত একাংশই এইধৰণৰ অভব্য মন্তব্য কৰিছে ।
এই ক্ষেত্ৰত সংবাদ মাধ্যমসমূহে সজাগতা সৃষ্টিত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব ।' সংবিধানে মত প্ৰকাশৰ স্বাধীনতা প্ৰতিজন নাগৰিকক দিয়াৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, ইয়াৰো এটা সীমা আছে ।
সীমা চেৰাই গ'লে বিপদ অনিবাৰ্য । তেওঁ পুনৰ দোহাৰি কয়- আইন সাহায্য দিয়াটো মৌলিক অধিকাৰ । অপৰাধী পক্ষৰ হৈ অধিবক্তা নাথাকিলে গোচৰটোৱেই নচলে । সেয়ে বৰদোৱা কাণ্ডৰ মূল অপৰাধী জাকিৰ হুছেইনৰ ক্ষেত্ৰত তেনে পৰিস্থিতি হোৱাত আদালতে একমাত্ৰ গোচৰটোৰ সু-বিচাৰৰ স্বাৰ্থত ধন খৰচ কৰি অধিবক্তা নিয়োগ কৰিছে ।
বটদ্ৰৱা কাণ্ডৰ পৰা নজনাসকলে শিক্ষা ল'ব লাগিব বুলি উল্লেখ কৰি গোস্বামীয়ে কয়, 'শেহতীয়াকৈ নগাঁও আদালতত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভিজিৎ-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলিব ।
ইয়াতো যদি কোনো অধিবক্তাই অভিযুক্তৰ পক্ষে আইনী সাহায্য দিবলগা হয়, তেন্তে অধিবক্তা সমাজ একাংশ আইন সম্পৰ্কে ধাৰণা নথকা লোকৰ আক্ৰোশৰ বলি হ'ব নেকি, এই লৈ এক ডাঙৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ।'
এনে হ'লে সমাজখন সুস্থভাৱে চলাত ব্যাঘাত জন্মিব বুলি মত প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা ল'বলৈ আহ্বান জনায় । ছ'চিয়েল মিডিয়াই যাতে সমাজখনক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰবাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ এইটোৱেই উপযুক্ত সময় ।
ইপিনে, ছ'চিয়েল মিডিয়াত একাংশই নগাঁও উকীল সন্থাই বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ হৈ কোনো অধিবক্তাই ওকালতি নকৰে বুলি প্ৰকাশ কৰা সিদ্ধান্ত সন্দৰ্ভত উকীল সন্থাৰ সভাপতিগৰাকীয়ে কয়- ই এক ভুৱা প্ৰচাৰহে ।
এই সম্পৰ্কে সন্থাই কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল । সংবাদমেলখনত সন্থাৰ সাধাৰণ সম্পাদক দিলীপ কলিতা, জ্যেষ্ঠ অধিবক্তা ক্ৰমে দেৱব্ৰত শৰ্মা, পৰাণ গোহাঁই, মহেশ দাস আদিয়ে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 19 views