'হাড়গিলা বাইদেউ' ড০ পূৰ্ণিমা দেৱী বৰ্মনক 'দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড, ২০২২’ প্ৰদান

A

 

নিউজ ডেস্ক:
'হাড়গিলা বাইদেউ' হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনক আগবঢ়োৱা হৈছে ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড, ২০২২’।উল্লেখ্য যে,আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ‘হাউ মেনী এলিফেণ্টছৰ’ দ্বাৰা এই বিশেষ খিতাপ প্ৰদান কৰা হৈছে হাড়গিলা সেনাৰ প্ৰতিষ্ঠাপক পূৰ্ণিমা দেৱী বৰ্মনক।গুৰুত্বপূৰ্ণ কথা এই যে,হাড়গিলা সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰাত সফলতা লাভ কৰিছিল সংৰক্ষণবিদ আৰু জীৱ বিজ্ঞানী ড০ পূৰ্ণিমা দেৱী বৰ্মনে।প্ৰায়  ১০ হাজাৰৰো অধিক মহিলাৰ এটা দলে একেলগে কাম কৰি জটিলভাৱে বিপন্ন হাড়গিলাক সুৰক্ষা প্ৰদান কৰিছে।
বাসস্থান হেৰুৱা, চোৰাং চিকাৰ আৰু বিষক্ৰিয়া আদিৰ দৰে প্ৰত্যাহ্বানৰ পৰা হাড়গিলাক সুৰক্ষা প্ৰদান কৰি আহিছে পূৰ্ণিমা দেৱী বৰ্মনে। লগতে তেওঁ বিশ্বৰ প্ৰথমটো কৃত্ৰিম প্ৰজনন মঞ্চও নিৰ্মাণ কৰিছিল য’ত হাড়গিলাই সংকুচিত বাসস্থানৰ সমস্যাৰ পৰা আঁতৰি নিৰাপদে কনী দিব পাৰে আৰু তাৰ পৰা পোৱালী জগাব পাৰে।

 

Your Comments