দেউৰী স্বায়ত্ব পৰিষদত দুৰ্নীতিৰ অভিযোগ- দেউৰী ছাত্ৰ সন্থা

A

নিউজ ডেস্ক:
দেউৰী স্বায়ত্ব শাসিত পৰিষদত ভয়ংকৰ দুৰ্নীতিৰ গুৰুতৰ অভিযোগ সদৌ অসম দেউৰী ছাত্ৰ সন্থা চমুকৈ আদছুৰ। দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ধন বৰ্তমানৰ নেতৃত্বই আত্মসাৎ কৰাৰ অভিযোগ সংগঠনটোৰ।

হৰেন দেউৰীৰ পৃষ্ঠপোষকতাত মাধৱ দেউৰী, ভাস্কৰ দেউৰী, বিষ্ণু দেউৰীয়ে ভীমবৰ দেউৰীৰ ভৱন নিৰ্মাণ আৰু ছাত্ৰৱাস নিৰ্মানৰ নামত বহু লাখ লাখ টকাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ।দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি পৰিষদৰ নেতৃত্বৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰে ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক তপন দেউৰীয়ে।
শীঘ্ৰে  পৰিষদৰ পুঁজি খৰচৰ খতিয়ান দাঙি নধৰিলে  ধাৰাবাহিক আন্দোলনৰৰ হুংকাৰ প্ৰদান কৰে  ছাত্ৰ সংগঠনটোৱে ৷

Your Comments