
নিউজ ডেস্ক:
জাতীয় স্বাভিমান অসম সাহিত্য সভাত অচল অৱস্থা।৭ মাহে দৰমহা নাই সাহিত্য সভাৰ কৰ্মচাৰীৰ।গুৱাহাটীৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ কৰ্মচাৰীৰ।বিগত ৭ মাহে দৰমহা নাপাই সাহিত্য সভাৰ কৰ্মচাৰীয়ে নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।
“ল’ৰা- ছোৱালীৰ স্কুলৰ মাচুল আমি দিব পৰা নাই।বাকী দোকানত দৰমহা পোৱা নাই বুলি কলে মিছা কোৱা বুলি কয়, কিদৰে চলিছোঁ আমি জানো।অসম সাহিত্য সভাত কাম কৰোঁ বুলি গৰ্বিত হওঁ কিন্তু এইদৰে আমি তলা লগাই দিব লগা হোৱাটো আমাৰ বাবে লজ্জানত কথা”- ক্ষোভিত কৰ্মচাৰীসকলে এইদৰে কয়।
নেতৃত্বক উদেশ্য কৰি কয় যে - “আপোনালোকে যদি চলব নোৱাৰে দায়িত্বৰ পৰা আঁতৰি যাওক।পূৰ্বতে কেতিয়াও এনেকুৱা হোৱা নাই আমাৰ।” চৰকাৰে পইচা মুকলি কৰি দিলেই দৰমহা দিম বুলি সাহিত্য সভাৰ নেতৃত্বই কৈ আছে ৷কিন্তু সাহিত্য সভাৰ একাউন্টত এতিয়াও বহুত টকা জমা হৈ আছে।আমাক দৰমহা দিলে সভা-সমিতিত চাহ-ভাত খাবলৈ নাপাব বুলি দৰমহা নিদিয়ে” -ক্ষোভিত কৰ্মচাৰীসকলে এইদৰে কয়।
গুৰুত্বপূৰ্ণ কথা এই যে কৰ্মচাৰীসকলৰ দৰমহা মুকলি কৰি নিদিলে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰে ৷
- Log in to post comments
- 4 views