
নিউজ ডেস্ক:
অসমৰ ভোটাৰৰ বাবে জৰুৰী খবৰ।অসমত ভোটাৰ কাৰ্ড এতিয়াৰ পৰা সলনি হ'ব।ভোটাৰ কাৰ্ডৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে ৰায়।অসমৰ ভোটাৰ কাৰ্ডত এতিয়াৰ পৰা প্রযোজ্য হ'ব ফৰ্ম-৬।বৰ্তমান ভোটাৰ কাৰ্ডত থকা সম্পৰ্কিত ব্যক্তিৰ স্থানত থাকিব পিতৃ/স্বামীৰ পৰিচয়।উল্লেখ্য যে অসমৰ ভোটাৰ কাৰ্ডত বৰ্তমান নাছিল পিতৃ/স্বামীৰ পৰিচয়।পিতৃ/স্বামীৰ পৰিচয়ৰ স্থানত সম্পৰ্কিত ব্যক্তি থকাত লেখ আবেদন দাখিল হৈছিল ন্যায়ালয়ত।প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ডঃ জয়শ্ৰী গোস্বামী মহন্তই লেখ আবেদন 4255/26 দাখিল কৰিছিল।মহন্তৰ লেখ আবেদনৰ ২১ছেপ্টেম্বৰত প্ৰদান কৰে ৰায়।
আনহাতে বৰ্তমান যিসকলৰ কাৰ্ডত সম্পৰ্কিত ব্যক্তি আছে তেওঁলোকেও ফৰ্ম-৬ত আৱেদন কৰি শুদ্ধ কৰিব পাৰিব।দেশৰ অন্য ৰাজ্যত পূৰ্বৰ পৰাই ফৰ্ম-৬ব্যৱস্থা প্ৰযোজ্য আছিল।অসমত ফৰ্ম-৬ ব্যৱস্থা নাছিল, পিতৃ-/স্বামী পৰিচয় ঠাইত সম্পৰ্কিত ব্যক্তি আছিল।ন্যায়ালয়ে সম্পৰ্কিত ব্যক্তি স্থানত পিতৃ/স্বামী সংযোজন কৰাৰ নির্দেশ দিছে।
তাপৰ্যপূৰ্ণ কথা যে পূৰ্বৰ চৰকাৰে ৰাজনৈতিক স্বাৰ্থত সন্দেহযুক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰা বাবেই অসমত এই ব্যৱস্থা কৰাৰো সন্দেহ ডঃ মহন্ত।
- Log in to post comments
- 10 views