চৰকাৰে আমাক প্ৰতাৰনা কৰিছে- কোঁচ ৰাজবংশী সন্মিলনী

A

নিউজ ডেস্ক:

দিছপুৰ প্ৰেছ ক্লাৱত সদৌ কোচ ৰাজবংশী সন্মিলনীৰ সংবাদমেল।জনজাতিকৰণৰ পৰা পুনৰ বঞ্চিত হৈ  ক্ষোভ প্ৰকাশ কৰে সন্মিলনীয়ে ৷
কোঁচ ৰাজবংশীক অবহেলা কৰি আহিছে চৰকাৰে।অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ সদিচ্ছা নাই চৰকাৰৰ- এই মন্তব্য কোচ ৰাজবংশী সন্মিলনী নেতৃত্বৰ।নিৰ্বাচন আহিলেই আলোচনা কৰে, কিন্তু নিৰ্বাচন গলেই খবৰ নাথাকে।নিৰ্বাচনৰ পূৰ্বে দল সংগঠনক মাতি প্ৰলোভন দিয়ে চৰকাৰে- সংবাদমেলত এই মন্তব্য প্ৰণৱ নাৰায়ণ দেৱৰ।ৰাজ্যসভাত বিল উত্থাপন হৈছে জনজাতিকৰণৰ বাবে ,গতিকে মন্ত্ৰীগোটৰ অনুমতিৰ কোনো প্ৰয়োজন নাই ।
ইফালে জনজাতিকৰণ নকৰা ক্ষোভত নৱেম্বৰ মাহত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সন্মিলনীয়ে।শ্ৰীৰামপুৰত ৰেল অৱৰোধ, নাজিৰা শিমলুগুৰি আৰু ধেমাজিতো ৰেল অৱৰোধ কাৰ্যসূচী ঘোষণা দিছপুৰ প্ৰেছ ক্লাবৰ সংবাদমেলত।

আনহাতে পৰৱৰ্তী সময়ত দিল্লীৰ যন্তৰ-মন্তৰতো হ'ব ধৰ্ণা কাৰ্যসূচী।এইবাৰ জাতিৰ আবেগত ভোট দিম, ধৰ্মীয় আবেগত ভোট নিদিওঁ।আমি হিন্দু বাবে আগতে ধৰ্মীয় আবেগত বিজেপিক ভোট দিছিলো- এই কথা স্বীকাৰ প্ৰণৱ নাৰায়ণ দেৱৰ।উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ লগত থাকিম, কিন্তু প্রয়োজনত সকলো ত্যাগ কৰিম।আমি জনজাতিকৰণৰ বিষয়ত আপোচ নকৰো।জাতিৰ বাবে সকলো কৰিম- সংবাদমেলত নাৰায়নে কয়।উল্লেখ্য যে দেশৰ পাঁচখন ৰাজ্য ১১টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পিছতে জাঙুৰ খাই উঠেছে অসমৰ ছয় জনগোষ্ঠী।

Your Comments