কলিয়াবৰত মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ,পঢ়ক

A

নিউজ ডেস্ক:

কলিয়াবৰৰ জখলাবন্ধাত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে মুকলি কৰে নৱনিৰ্মিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়। কলিয়াবৰৰ ৰাইজৰ বহু প্ৰতিক্ষিত এশ খন বিচনা যুক্ত মহকুমা অসামৰিক চিকিৎসালয় খনৰ উদ্বোধনী অনুষ্ঠানত আজি সহশ্ৰাধিক লোক সমবেত হোৱা দেখা যায়। এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰা উদ্বোধনী অনুষ্ঠানৰ আৰম্ভনিতে মুখ্যমন্ত্ৰী গৰাকীয়ে গায়ন বায়নৰ খোল তাল ,ডবা শংখৰ ঝংকাৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত নৱ নিৰ্মিত চিকিৎসালয় খন উদ্বোধন কৰে। এই উদ্দেশ্যে অনুষ্ঠিত উদ্বোধনী বিশাল সভা খনিত ভাষন দি মুখ্য মন্ত্ৰী ড০ শৰ্মাই ৰাইজক উদ্দেশ্যি কয় যে , “এই চিকিৎসালয় খনক অতি শীঘ্ৰে  দুশ খন বিচনাৰে জিলা চিকিৎসালয় হিচাপে উন্নীত কৰাৰ আচনি লৈছোঁ। মা কামাখ্যাই কৰিলে কলিয়াবৰত এখন মেডিকেল কলেজ এদিন হ'ব৷” ভাষন প্ৰসংগত তেওঁ কয় অসমত তিনি খন মেডিকেল কলেজৰ পৰা এতিয়া ন খনলৈ বৃদ্ধি পালে। অহা বছৰত অসমত আৰু তিনি খন মেডিকেল কলেজ স্থাপন কৰাৰ কথা চিন্তা কৰিম। আমাৰ কাৰ্যকালৰ ভিতৰত অৰ্থাৎ ২০২৬ চনৰ ভিতৰত অসমত সৰ্বমুঠ ১৬ খন মেডিকেল কলেজ স্থাপন কৰিম। আৰু ২০৩০ চনৰ ভিতৰত ২৪ খন মেডিকেল কলেজ নিৰ্মাণ কৰিব খুজিছো বুলিও তেওঁ কয়। পূৰ্বতে অসমত মাত্ৰ এখন কেঞ্চাৰ হস্পিতাল আছিল। ইয়াৰ পিছত গৈ গৈ আমি অসমত  আৰু ৭ খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। সৰ্বমুঠ ন খন কেঞ্চাৰ হস্পিতাল হ’ল। এই বিত্তীয় বৰ্ষৰ ভিতৰত আৰু তিনি খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ কাম হাত লৈছোঁ । অহা তিনিটা বছৰৰ ভিতৰত মুঠ ১৮ খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণ কৰিব খুজিছোঁ বুলিও তেওঁ লগতে কয়। ২০০৬ চনত মই যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলো তেতিয়া অসমত হস্পিতালৰ সংখ্যা আছিল মাত্ৰ ছয়শ খন। এতিয়া অসমত হস্পিতালৰ সংখ্যা দুহেজাৰ খনলৈ বৃদ্ধি পাইছে। অসমত এতিয়া চিকিৎসালয় হল সকলো হল  কিন্তু লাগে চিকিৎসক সকলে হস্পিতালত নিৰন্তৰ কাম কৰে। ৰোগীক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে। গুণগত মানদণ্ডৰে চিকিৎসা পদ্ধতি আমি আশা কৰোঁ। তেওঁ লগতে আৰু কয়, বৰ্তমান সময়ত আয়ুস্মান কাৰ্ড আমাৰ সকলোৰে নথকাত সমস্যাত পৰিব লগা হৈছে। কিন্তু আমাৰ চৰকাৰে ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে আয়ুস্মান ভাৰতৰ কাৰ্ড দিয়া হ’ব। ইয়াৰ ফলত আয়ুস্মান ভাৰত কাৰ্ড থকা পৰিয়াল সমূহে প্ৰতি বছৰে পাঁচ লাখ টকাৰ চিকিৎসা সাহায্য লাভ কৰিব। যাৰ ৰেচন কাৰ্ড নাই তেওঁ লোকে অটল অমৃত কাৰ্ডৰ সহায় আগৰ দৰেই পাই থাকিব। এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে আয়ুস্মান ভাৰতক আয়ুস্মান অসমলৈ ৰূপান্তৰ কৰি প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালক স্বাস্থ্য সেৱাৰ লগত জড়িত কৰিব পাৰিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়ায়। ইফালে কলিয়াবৰৰ পৰা ছয় হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ তলেদি নিৰ্মাণ কৰিব সুৰংগ। জামগুৰিত সংলগ্ন হ'বলগা সুৰংগইদি ৰেল আৰু মতৰ চলাচল কৰিব বুলি সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

Your Comments