চাকৰি প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগত ৭টা কৈ দালালক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

ভিক্টৰ দাসৰ প্ৰসংগই ৰাজ্য উত্তাল কৰি থকা সময়তে চাকৰি প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা ৭দালালক গ্ৰেপ্তাৰ।দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৭টাকৈ দালালক।জল সম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰাৰ গুৰুতৰ অভিযোগ চক্ৰটোৰ বিৰুদ্ধে।মহানগৰীৰ জি ডি ল'জৰ পৰা গ্ৰেপ্তাৰ চক্ৰটোক।গ্ৰেপ্তাৰ কৰা দালালকেইটা ক্ৰমে জয়ন্ত দাস,  নুৰ ইছলাম আহমেদ, নয়ন শইকীয়া, ছিৰাজুল হ'ক,গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন, আৰু জয়ন্ত দাস।উল্লেখ্য যে ২০২০চনত অনুষ্ঠিত হৈছিল পৰীক্ষা।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰে অভিযুক্ত কেইজনক।আদালতে তিনি অভিযুক্তক আৰক্ষীৰ জিম্মাত দিয়াৰ বিপৰীতে ৪টা অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Your Comments