
নিউজ ডেস্ক:
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনা প্ৰতিবাদত কঁপিল গুৱাহাটী।মহানগৰীৰ চ'চলৰ ধৰ্ণাস্থলীত ৬টাকৈ সংগঠনে সোমবাৰে সাব্যস্ত কৰে প্ৰতিবাদ।
উল্লেখ্য যে,আৰক্ষীৰ কটকটীয়া বেৰিকেদৰ মাজত এই সংগঠনসমূহে নিজৰ নিজৰ অধিকাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।
দৰমহা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ অঙ্গনবাড়ী কেন্দ্ৰসমূহৰ আন্তগাথঁনি উন্নয়নৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম অঙ্গনবাড়ী কর্মী-সহায়িকা সন্থাই।
একেদৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি জনতাক ভাট্টা প্ৰদান কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলে।চৰকাৰৰ বিৰোধী প্ৰতিবাদত উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল।
ইয়াৰ উপৰিও চাকৰি নিয়মীয়াকৰণৰ দাবীত মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বেতনৰ পৰা বঞ্চিত শিক্ষক সন্থাই।উল্লেখ্য যে ৰাজ্যত প্ৰায় ৩৫০০বেতন বঞ্চিত প্ৰাথমিক শিক্ষক আছে।
ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিৰ পৰা পুঁজিপুতি বনিয়াক উচ্ছেদ কৰা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ট্ৰাইবেল সংঘই।সোণাপুৰৰ জনজাতিৰ ভূমি অবৈধ ভাৱে দখল কৰি উদ্যোগ স্থাপন কৰাৰ বিৰুদ্ধে সৰৱ হয় সংঘ।দিছপুৰৰ আশীৰ্বাদত পুঁজিপতিয়ে আমাৰ ভূমি দখল কৰা বুলিও তেওঁলোকে কয়।
আনহাতে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কোঁচ ৰাজবংশী সন্মিলনীয়ে।
- Log in to post comments
- 4 views