
নিউজ ডেস্ক;
"CAA আমি নামানো, সংগ্রাম চলিছিল-চলি আছে"- এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ১২ছেপ্টেম্বৰত হ’ব দ্বিতীয় শুনানি।তাৰ প্ৰাকক্ষণত পুনৰ সৰৱ হৈছে আছু নেতৃত্ব।অসম আৰু উত্তৰ-পূৰ্বাঞ্চল অবৈধ বিদেশীৰ ডাষ্টবিন নহয়।উচ্চতম ন্যায়ালয়ে আমাক ন্যায় দিব বুলি আমি আশাবাদী- ভট্টাচাৰ্যই কয়।
আনহাতে ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ সমানে চলিব।কা’ৰ পৰা আমি বিচলিত হোৱা নাই।কা’ৰ বিৰুদ্ধে আমাৰ স্থিতি একেই আছে- আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়৷
- Log in to post comments
- 7 views