
নিউজ ডেস্ক:
সৰ্বভাৰতীয় পৰ্যায়ত ঐতিহাসিক ফলাফলৰে উজলিল আজমল চুপাৰ ৪০
আজমল চুপাৰ ৪০ৰ ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী উজলিল NEET ২০২২বৰ্ষৰ পৰীক্ষাত ।
এইবাৰ অকল অসমতেই গোটেই ভাৰতবৰ্ষৰ ভিতৰত বিশেষ স্থান দখল কৰিলে আজমল চুপাৰ ৪০ ৰ ছাত্ৰ-ছাত্ৰীয়ে।
দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহন কৰিছিল আজমল চুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি ৷আজমল চুপাৰ ৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে৷সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল চুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ NEET ২০২২বৰ্ষৰ পৰীক্ষাত আজমল চুপাৰ ৪০ য়ে আজি এক ঐতিহাসিক সফলতাৰে সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে৷ ২০২২ বৰ্ষৰ NEET পৰীক্ষাত ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷NEET ২০২২ৰ বাছনি পৰীক্ষাত আজমল চুপাৰ ৪০ৰ শীৰ্ষ স্থান দখল কৰাৰ ভিতৰত স্বনৱাৰ হুছেইনে ৭২০ নম্বৰৰ ভিতৰত ৬৪১ নম্বৰ পায় , জামাজ আখতাৰ (৬৩৮), নবিউল ইছলাম (৬৩৬), হবিবা ফিৰদৌচ (৬৩৫) ছাহিদ আহমেদ (৬৩৫) ,চাবা চামচাদ (৬৩১) নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।
সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থীয়ে আৰ্থিকভাবে পিছপৰা৷ শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল৷আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া কোচিং ব্যৱস্থা কৰা হৈছিল৷লগতে প্ৰদান কৰা হৈছিল জলপানি৷ আনহাতে আৰ্থিক ভাবে সৱল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল চুপাৰ ৪০ য়ে৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল৷আজমল চুপাৰ ৪০ ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে দিনে ৰাতি একাকাৰ কৰি শিক্ষাৰ্থী সকলৰ সপোন পূৰণ কৰিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল চুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়৷
আজমল চুপাৰ ৪০ ৰ এই ঐতিহাসিক সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়াল ।
- Log in to post comments
- 3 views