সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হোৱা "আয়ুস্মান ভাৰত- প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা" আঁচনিখন দেওবাৰে বঙাইগাঁও জিলাতো শুভাৰম্ভ কৰা হয় ৷
এই উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম তথা বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত উত্তৰ বঙাইগাঁওস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত শুভাৰম্ভণী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ খাদ্য আৰু যোগান মন্ত্ৰী তথা স্থানীয় বিধায়ক ফনীভূষণ চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি আঁচনিখনৰ শুভাৰম্ভ কৰে ৷
আঁচনিখন শুভাৰম্ভ কৰি নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এই যোজনাৰ অধীনত ৰাজ্যখনৰ ৩ কোটি ২৫ লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় আধাখিনি জনসংখ্যা অন্তৰ্ভুক্ত হৈছে ৷
এই যোজনাৰ জৰিয়তে একোটা পৰিয়ালে বছৰি ৫ লাখ টকাৰ বিনামূলীয়া নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব ৷ মূলতঃ যিবোৰ পৰিয়াল আৰ্থিকভাৱে পিছপৰা বা অৰ্থৰ অভাৱত পৰিয়ালৰ সদস্যক চিকিৎসা কৰিবলৈ অপাৰগ, সেই পৰিয়ালসমূহৰ সদস্যসকল এই যোজনাৰ জৰিয়তে উপকৃত হোৱাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব ৷
তেওঁ বঙাইগাঁও জিলাত যিসকল পৰিয়াল এই যোজনাৰ অধীনত অন্তৰ্ভুক্ত হৈছে, সেইসকলে যাতে এই আঁচনিখনৰ জৰিয়তে সুবিধা লাভ কৰিব পাৰে তাৰবাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কয় ৷
লগতে এই যোজনাৰ অধীনত জনসাধাৰণে কেনেধৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব, কি কি সুবিধা পাব আৰু ক'ত ক'ত সুবিধা পাব আদি বিষয়সমূহৰ বিষয়ে জনসাধাৰণক সচেতন কৰিব লাগিব বুলি কৈ গ্ৰামাঞ্চলত সজাগতাৰ অধিক প্ৰয়োজন বুলিও কয় ৷
কাৰণ হিতাধিকাৰীসকল যেতিয়া উপকৃত হ'ব তেতিয়াহে এই যোজনাখন প্ৰৱৰ্তনৰ প্ৰকৃত উদ্দেশ্য আৰু লক্ষ্য সফল হ'ব ৷ উল্লেখ্য যে জিলা উপায়ুক্ত বাবুলাল শৰ্মা, আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন, অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ৰত্নেশ্বৰ বসুমতাৰী,
উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল, বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মাধৱ দত্ত আদি উপস্থিত থকা অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে আদৰণী ভাষণত কয় যে
আয়ুস্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাতো ২০১১ চনৰ সামাজিক, অৰ্থনৈতিক আৰু জাতিগত জনগণনাৰ ভিত্তিত নিৰ্বাচিত ৭১,৪৭৩টা দুখীয়া আৰু পিছপৰা পৰিয়াললৈ বছৰি ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা আগবঢ়োৱা হ'ব ৷
এই যোজনাত অসমৰ ২৭ লাখ পৰিয়াল অন্তৰ্ভুক্ত হৈছে ৷ বৰ্তমান মুঠ ১,৩৫০টা চিকিৎসাগত পদ্ধতিৰ বাবে এই বিনামূলীয়াৱ সেৱা আগবঢ়োৱা হ'ব আৰু ইয়াৰ ভিতৰত ২২১টা পদ্ধতি কেৱল চৰকাৰী চিকিৎসালয়সমূহতহে উপলব্ধ হ'ব ৷
এই যোজনাৰ অধীনত তালিকাভুক্ত হোৱা প্ৰতিটো পৰিয়ালকে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব ৷
প্ৰত্যেক নিৰ্বাচিত হিতাধিকাৰী পৰিয়াললৈ একোখনকৈ পৰিয়ালৰ মুৰব্বীৰ সবিশেষ থকা বিনামূলীয়া "হিতাধীকাৰী পৰিয়াল পৰিচয়-পত্ৰ" প্ৰদান কৰা হ'ব ৷ এই সেৱা সমগ্ৰ দেশৰে চৰকাৰী আৰু বেচৰকাৰী নিৰ্বাচিত চিকিৎসালয়ত উপলব্ধ হ'ব ৷
চিকিৎসা সেৱা গ্ৰহণ কৰিব বিচৰা ব্যক্তিজনে AB- PMJAY CARD ৰ লগতে নিজৰ পৰিচয়-পত্ৰ চিকিৎসালয়ত থকা "আয়ুস্মান মিত্ৰ"ক দেখুৱাব লাগিব ৷ এই নগদবিহীন চিকিৎসা সেৱা প্ৰথম পৰ্যায়ত ১৫ অক্টোবৰৰ পৰা সকলো চিকিৎসা মহাবিদ্যালয়ত আৰু নিৰ্বাচিত ১২১খন বেচৰকাৰী চিকিৎসালয়ত উপলব্ধ হ'ব ৷
দ্বিতীয় পৰ্যায়ত ১ নৱেম্বৰৰ পৰা ৰাজ্যৰ সকলো জিলা চিকিৎসালয়ত উপলব্ধ আৰু তৃতীয় পৰ্যায়ত ১৫ নৱেম্বৰৰ পৰা সকলো সমূহীয়া চিকিৎসালয় কেন্দ্ৰতো উপলব্ধ হ'ব বুলিও কয় ৷
অনুষ্ঠানত ২০গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে "হিতাধিকাৰী পৰিয়াল পৰিচয়-পত্ৰ" প্ৰদান কৰা হয় ৷ উল্লেখ্য যে শুভাৰম্ভণী অনুষ্ঠানৰ পূৰ্বে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা সমগ্ৰ দেশতে শুভাৰম্ভ কৰা আঁচনিখনৰ শুভ উদ্বোধন অনুষ্ঠান প্ৰজেক্টৰৰ সহায়ত পোনপটীয়াকৈ প্ৰদৰ্শন কৰা হয় ৷
অনুষ্ঠানত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া, ৰাজনৈতিক দলৰ বিষয়ববীয়া, স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, ব্যক্তিগত চিকিৎসালয়ৰ বিষয়ববীয়া, আশাকৰ্মী, অংগনাবাড়ী কৰ্মী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
- Log in to post comments
- 54 views