জন্ম দিৱসত ডিম্বেশ্বৰ নেওগক সোঁৱৰণ

A

 

   ইন্দ্ৰধনুৰ কবি ৰূপে খ্যাত ডিম্বেশ্বৰ নেওগ আছিল একাধাৰে কবি, শিক্ষাবিদ , ভাষা সাহিত্যৰ গৱেষক, প্ৰবন্ধকাৰ, নাট্যকাৰ, সমালোচক, গল্পকাৰ,ঔপন্যাসিক ৷তেখেতৰ জন্ম হৈছিল ১৮৯৯ চনৰ ৭ আগষ্টত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত ৷মাণিক চন্দ্ৰ নেওগ আৰু চন্দ্ৰপ্ৰভা নেওগৰ জ্যেষ্ঠ সন্তান ডিম্বেশ্বৰ নেওগে কমাৰফদীয়া গাঁৱতে শিক্ষা জীৱন আৰম্ভ কৰিছিল ।প্ৰৱেশিকা পাছ কৰাৰ পিছত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰা নেওগদেৱৰ শিক্ষকতাক আছিল জীৱনৰ ব্ৰত ৷এগৰাকী আদৰ্শ শিক্ষক হিচাপে ছাত্ৰসকলৰ মনত কেনেদৰে ৰেখাপাত কৰিছিল সেই কথা  জ্ঞানপীঠ বঁটাবিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ মন্তব্যত প্ৰকাশ পাইছে -----  “একোটা পাঠ বা একোটা কবিতা পঢ়ুৱাওঁতে  তেওঁ ছাত্ৰৰ মনত ঐতিহাসিক চেতনা,শব্দাৰ্থৰ জ্ঞান, উপলব্ধিৰ শক্তি জাগ্ৰত কৰিবলৈ যথা সম্ভৱ চেষ্টা কৰিছিল ৷তেওঁৰ অধ্যৱসায় অপূৰ্ব ; তাৰ লগত আছিল বুদ্ধিদীপ্ত হাস্যোদীপ্ত কথা ৷”
   ছাত্ৰ কালৰে পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা নেওগদেৱৰ প্ৰথম কবিতা পুথি “মালিকা” প্ৰকাশ হয় ১৯২১ চনত ৷তাৰপিছত প্ৰকাশ হোৱা থুপিতৰা, মালতী, ইন্দ্ৰধনু, থাপনা, অসমা, বিচিত্ৰা আদি কবিতা পুথিসমূহত তেখেতৰ অনুপম সৃজনশীল প্ৰতিভাৰ পৰিচয় পোৱা যায় ।মাতৃভূমিক হাড়েহিমজুৱে ভালপোৱা নেওগদেৱৰ কবিতাত স্বদেশপ্ৰেম তথা মানৱীয় প্ৰেমৰ ভাব বিদ্যমান ৷উমলিজামলি ডাঙৰ হোৱা অতি মৰমৰ কমাৰফদীয়া গাওঁখনক বিশ্ব ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ ৰূপত কল্পনা কৰি তেখেতে “মোৰ গাওঁ”  কবিতাত লিখিছে এইদৰে -----
    “কমাৰফদীয়া এই সৰু গাঁওখনি মোৰ 
      ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ
      ইয়াতে শৈশৱ লীলা ইয়াতে এদিন মোৰ
      কোনোবা শৰৎ ৰাতি
       যৌৱনৰ ধীৰ জাগৰণ ৷”
   অতীতৰ বৰ অসমৰ মহা পৰাক্ৰমী ৰজা আৰু বীৰ পুৰুষসকলৰ কাহিনীৰে ৰচনা কৰা “বুৰঞ্জী লেখক”কবিতাটিত তেখেতে ভগদত্ত, চিলাৰায়, বাণ, বব্ৰুবাহন আদিৰ প্ৰতাপ,বীৰত্বৰ কথা কাব্যিক ৰূপত সুন্দৰকৈ বৰ্ণনা কৰিছে ৷এই কবিতাটি অসমীয়া সাহিত্য আকাশৰ এটি সৰু তৰা আখ্যা দিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৷
   নেওগদেৱৰ আকুল পথিক, ফাগুনী, ডাক ভণিতা, ৰহৰহী, নামতী, বিহুৱতী আদি পুথিসমূহ  অসমীয়া লোক সাহিত্যৰ বিভিন্ন সমলেৰে সমৃদ্ধ ৷নাট্যকাৰ ৰূপেও  আত্মপ্ৰকাশ কৰি তেখেতে ৰচনা কৰিছে কামৰূপ, কুণ্ডিল কুৱৰী, অকাল বসন্ত, শিশুলীলা আদি নাটক ৷ সামাজিক উপন্যাস “গাৱে নগৰে” আৰু গল্প পুথি “দীপাৱলী”ৰ গল্পসমূহত পৰিস্ফুট হৈছে সমাজ জীবনৰ একোখন বাস্তৱ চিত্ৰ ৷সাৱলীল ভাষাৰে  মনোগ্ৰাহীকৈ ৰচনা কৰা একমাত্ৰ উপন্যাস আৰু গল্প পুথিখনতে ঔপন্যাসিক আৰু গল্পকাৰ  হিচাপেও তেখেতৰ প্ৰতিভাৰ পৰিচয় পোৱা যায়  ৷সকলো কথা নিজৰ জ্ঞান আৰু যুক্তিৰে  ফঁহিয়াই চোৱা নেওগদেৱে সমালোচক ৰূপেও অসমীয়া সাহিত্যত এক সুকীয়া স্থান অধিকাৰ কৰি আছে ৷অসমীয়া সাহিত্যৰ জিলিঙনি, অসমীয়া সাহিত্যৰ অধ্যয়ন, অসমীয়া কথা প্ৰতিভা আদি সমালোচনামূলক গ্ৰন্থত তেখেতে অসমৰ ন-পুৰণি সাহিত্যিকসকলৰ দোষ-ত্ৰুটীবোৰ নিৰপেক্ষভাৱে সাহসেৰে আঙুলিয়াই দি তীক্ষ্ণ সমালোচনা কৰিছে  আৰু অসমীয়া সাহিত্যৰ উৎকৰ্ষ সাধনতো বিশেষ অৰিহনা আগবঢ়াই থৈ গৈছে ।তেখেতৰ এই তীক্ষ্ণ সমালোচনাৰ বিষয়ে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে কৈছে এইদৰে ---- “বহু নামজ্বলা সাহিত্যিকৰ প্ৰতিও বিৰূপ মন্তব্য কৰি তেওঁ নিজৰ বাবেই এটা কাঁইটীয়া পৰিৱেশ সৃষ্টি কৰি লৈছিল, তথাপি একোলৈকে কেৰেপ নকৰি সাহসেৰে আৰু নিষ্ঠাৰে তেওঁৰ গন্তব্য পথত আগবাঢ়ি গৈছিল ৷”
   বৈষ্ণৱ ধৰ্মৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰা নেওগদেৱে  বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি, বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব, নাৰদীয় ভক্তিসূত্ৰ, যুগনায়ক শংকৰদেৱ, মহাপুৰুষিয়াজিম:এ ইউনিভাৰ্ছেল ৰিলিজিয়ন আদি গ্ৰন্থ কেইখন বৈষ্ণৱ ধৰ্ম আৰু শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন দিশ বিশ্লেষণ কৰি ৰচনা কৰিছে ৷অসমীয়া সাহিত্যৰ একনিষ্ঠ সাধক নেওগদেৱৰ অসমীয়া ভাষা আৰু লিপিৰ কাহিনী, সাহিত্য কি ?, শুধ অসমীয়া, হিষ্টৰী অব্ মডাৰ্ণ আছামিজ লিটাৰেছাৰ, নিউ লাইট
 অন দ্য হিষ্টৰী অব্ অছমিয়া লিটাৰেছাৰ আদি গৱেষণামূলক গ্ৰন্থ কেইখন বহুমূলীয়া তত্ত্বগধূৰ কথাৰে সমৃদ্ধ অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদস্বৰূপ  ৷তেখেতে আত্মজীৱনী “অতীত মাধুৰী”ৰ উপৰি বিজ্ঞানৰ আগকথা, প্ৰাক ঐতিহাসিক অসম, বৰ্ণ নিৰ্ণয় বা জাতি বিচাৰ, সমাজ চিন্তামণি আদি ভিন ভিন বিষয়ক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷ইয়াৰ উপৰি ১৯২৪ চনত অসম  সন্মিলনৰ সম্পাদক হৈ  ছাত্ৰসমাজক নেতৃত্ব দিছিল আৰু সন্মিলনৰ মুখপত্ৰ জন্মভূমি আৰু মিলন  দক্ষতাৰে সম্পাদনা কৰি নিজকে সম্পাদক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷১৯৪৪ চনৰ পৰা একেৰাহে তিনি বছৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ গুৰু দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ উপৰি ১৯৩৬ চনৰ পৰা ১৯৪৩ চনলৈ অসম সাহিত্য সভাৰ পত্ৰিকাখনৰো সম্পাদক আছিল ৷১৯৬৩ চনত অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি নিৰ্বাচিত হৈ কবি সন্মিলন নিয়াৰিকৈ পৰিচালনা কৰিছিল ৷আজীৱন সাহিত্য সেৱাত ব্ৰতী নেওগদেৱে ১৯৬৫ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি নলবাৰী অধিবেশনত উদাত্ত কণ্ঠেৰে প্ৰদান কৰা ভাষণত তেখেতৰ হৃদয়ৰ পৰা নিগৰি ওলাইছিল সোণসেৰীয়া উক্তি ----- “মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন” ৷এই  বাক্যশাৰীতে অন্তৰ্নিহিত হৈ আছে তেখেতৰ অসমপ্ৰীতি তথা জাতীয়তাবোধ ৷তেখেতৰ এই উক্তি “মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন“ ধ্বনিৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়িত  কৰা হৈছিল, অসমী আইৰ প্ৰতি গৰাকী সন্তানৰ প্ৰতিবাদী সত্ত্বা জগাই তুলিবলৈ চেষ্টা কৰা হৈছিল অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ কালছোৱাত ।অসমৰ সমস্যাৰাজিৰ প্ৰতি সদা সজাগ নেওগদেৱেও  অসম দেশখন অসম মাতৃৰ সন্তান আৰু বুকুৰ  কুটুমসকলৰ বাবেহে বুলি দৃঢ়তাৰে মতপোষণ কৰিছিল ৷“অসমীয়া কোন”  সন্দৰ্ভত তেখেতে কৈছে এইদৰে ------ “ভূ-ভাৰস্তৰ যেইসেই লোকেই এই ঠাইত থাকি ইয়াৰ মংগল সাধন কৰি অসমীয়া হ’ব পাৰে, তাত বাধা নাই; বাধা সেইবিলাকৰ কাৰণে যিবিলাকক ভাত খুৱাওঁতে আঙুলি খাবলৈ বিচাৰে, যিবিলাকে বৱ-ছেৰাই নিজ মাতৃ হেৰুৱাই আহি অসম মাতৃৰ স্তন পান কৰোঁ বুলি তেজ শুহি খাব খোজে ৷” 
   অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰিবলৈ অহৰহ প্ৰয়াস কৰা, অসমীয়াক মনেপ্ৰাণে ভালপোৱা নেওগদেৱে কৈছে ---- “অসমীয়া জাতিৰ ভূত-ভৱিষ্যত ,সুখ-দুখৰ লগত মোৰ প্ৰাণ গঁথা আছে; অসমীয়া ভাষা সাহিত্যৰ উন্নতি মোৰ হেঁপাহৰ ধন” ৷সাহিত্য সাধনাতে জীৱন অতিবাহিত কৰা অসমীয়া ভাষা সাহিত্যৰ পূজাৰী ডিম্বেশ্বৰ নেওগদেৱে এশ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে ৷এই গ্ৰন্থৰাজিয়ে তেখেতৰ নাম আৱহমান কাললৈ যুগমীয়া কৰি ৰাখিব ৷

অপৰাজিতা লহকৰ

Your Comments