
নিউজ ডেস্ক:
হোজাই জিলাৰ লংকা উদালি অঞ্চলত অবৈধ কাঠৰ বিৰুদ্ধে বনবিভাগৰ অভিযান ৷
অভিযানত লক্ষাধিক মূল্যৰ চেগুনৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে
এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত শুক্ৰবাৰে নিশা দক্ষিণ নগাওঁ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়াৰ নিৰ্দেশ মৰ্মে উদালি অঞ্চলত এই অভিযান চলাইছিল লংকাজান উপখণ্ড বন বিষয়া উৎপল ডেকাৰ নেতৃত্বত এটি দলে ।
অভিযানৰ সময়ত পৰিত্যক্ত অৱস্থাত পৰি থকা ১৫ টুকুৰা চেগুনৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটিয়ে ।
বৰ্তমান উদ্ধাৰ কৰা চেগুনৰ কুণ্ডা সমূহ লংকা জান উপখণ্ড বন বিষয়া কাৰ্যালয়ত লৈ অনা হয়।
কুণ্ডা সমূহ হোজাই সীমান্ত বৰ্তি কাৰ্বি আংলঙৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে যদিও কোনে ক’ৰ পৰা উক্ত চেগুনৰ কুণ্ডা সমূহ আনি ৰাখিছিল এই সম্পৰ্কে তদন্তৰ পাছতে গম পোৱা যাব বুলি
লংকাজান উপখণ্ড বন বিষয়া উৎপল বৰাই জানিবলৈ দিয়ে।
- Log in to post comments
- 16 views