ঘগ্ৰাপাৰৰ খাতিকুছিত সমাজ কল‍্যাণ বিভাগৰ উদ‍্যোগত "বিশ্ব স্তনপান সপ্তাহ”ৰ সৈতে সংগতি ৰাখি সুস্থ শিশুৰ প্ৰতিযোগিতামূলক সজাগতা সভা

A

নিউজ ডেস্ক:

 কেৱল আঁচনি ৰূপায়নেৰে নহয়; জনসজাগতা সৃষ্টিৰে  প্ৰতিগৰাকী নাগৰিকৰ মনস্তাত্বিক সংস্কাৰ সাধনেৰে  এখন সুস্থ সবল সমাজ গঢ়াৰ  নিৰন্তৰ প্ৰয়াস  অব্যাহত ৰাখি আহিছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পই। তাৰেই অংশ হিচাবে আজি ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ‍্যোগত খাতিকুছিত অনুষ্ঠিত কৰা হয় এখন সুস্থ শিশুৰ প্ৰতিযোগিতামুলক  সজাগতা সভা। ইয়াৰ পুৰ্বে বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া ৰঞ্জনা দৈউৰী  ,ছুপাৰভাইজাৰ, পোষণ টিম, কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহায়িকাৰ সহযোগত খাতিকুছি আদৰ্শ চিকিৎসালয়ৰ পৰা পুৱা এক সজাগতা  সমদল উলিওৱা হয়। 

“বিশ্ব  স্তন পান সপ্তাহ”ৰ  সতে সংগতি ৰাখি  উলিওৱা এই সজাগতা সমদলৰ উদ্বোধন কৰে প্ৰকল্প বিষয়া ৰঞ্জনা দৈউৰীয়ে ।  হাতে হাতে সজাগতামূলক প্লে’কাৰ্ডলৈ প্ৰায় শতাধিক অংগনবাড়ী কৰ্মী-সহায়িকা, সমাজ কল্যান বিভাগৰ বিষয়া,ছুপাৰভাইজাৰ কৰ্মচাৰী, খাতিকুছি আদৰ্শ চিকিৎসালয়ৰ পৰা সমদল আৰম্ভ কৰি খাতিকুছি-সাগৰকুছি বজাৰ এলেকা পৰিভ্ৰমণ কৰে। গ্ৰামাঞ্চলত মাতৃ স্তন পান সন্দৰ্ভত শ্লোগান দি সজাগতা সৃষ্টি কৰি  সমদলকাৰী সকল উপস্থিত হয় খাতিকুছি -সাগৰকুছি চ'ক প্ৰাংগণত।  উক্ত চ'ক প্ৰাংগণত কৰ্মী সহায়িকা সকলে মাতৃ দুগ্ধ সজাগতাৰ ওপৰত এখন বাটৰ নাট পৰিবেশন কৰে।ইয়াৰ পিছতে  সমাজ কল্যান বিভাগৰ বিষয়া কৰ্মচাৰী সকলে খাতিকুছি আদৰ্শ চিকিৎসালয়ৰ প্ৰশিক্ষণ ভৱনত অঞ্চলটোৰ মাতৃ, পিতৃ আৰু নাগৰিক সকলৰ উপস্থিতিত সুস্থ শিশুৰ প্ৰতিয়োগিতা এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ সুৰেন মজুমদাৰে।স্বাস্থ্য বিষয়াগৰাকীয়ে নিজৰ ভাষণত মাতৃয়ে শিশুক কেনেদৰে স্ততপান কৰিব লাগে সেয়া তেওঁ শিশু এটি কলাত লৈ বুজাই দিয়ে।উক্ত অনুষ্ঠানতে সুস্থ শিশুৰ প্ৰতিয়োগিতা অংশগ্ৰহণ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা প্ৰতিয়োগিক মান পত্ৰ আৰু বঁটা প্ৰদান কৰা হয়।উল্লেখ‍্য যে ‍  ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ উদযাপিত  স্তনপান সপ্তাহৰ বৰ্ণিল সামৰণি মাৰে। উল্লেখ্য যে আজি অনুষ্ঠিত এই সজাগতা সমদলৰ সমান্তৰাল ভাৱে প্ৰকল্পটোৰ অন্তৰ্গত ১৪৩ টা  অংগনবাদী কেন্দ্ৰ সমূহত  একক ভাবে পহিলা আগষ্টৰ পৰা এই দিৱস পালন কৰি অহা হৈছে বুলি জানিব পৰা গৈছে।

Your Comments