৫ ৰাজ্যই ৰূপায়ণ নকৰে মোডীৰ ‘আয়ুস্মান ভাৰত’ আঁচনি

৫ ৰাজ্যই ৰূপায়ণ নকৰে মোডীৰ ‘আয়ুস্মান ভাৰত’ আঁচনি

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে সূচনা কৰা অভিলাষী স্বাস্থ্য বীমা আঁচনি ‘আয়ুস্মান ভাৰত'ৰ তীব্ৰ বিৰোধিতা কৰিলে দেশৰ  পাঁচখন ৰাজ্যৰ চৰকাৰে ৷ এই পাঁচখন ৰাজ্য হৈছে তেলেঙ্গানা, ওিড়শা, দিল্লী, কেৰালা আৰু পঞ্জাব ৷

আঁচনিক লৈ এই ৰাজ্যকেইখনৰ কেতবোৰ সন্দেহ আৰু উদ্বেগ কেন্দ্ৰীয় চৰকাৰে সমাধান নকৰা পৰ্যন্ত এই ৰাজ্যবোৰে প্ৰধান মন্ত্ৰীৰ এই আঁচনি ৰূপায়ণ নকৰে বুলি স্পষ্টভাৱে জনাই দিয়ে ৷

৫ ৰাজ্যই ৰূপায়ণ নকৰে মোডীৰ ‘আয়ুস্মান ভাৰত’ আঁচনি

দিল্লী আৰু আন চাৰিখন ৰাজ্যই কয় যে প্ৰধান মন্ত্ৰীয়ে সূচনা কৰা আঁচনিতকৈ অধিক ভাল স্বাস্থ্য বীমা আঁচনি সেই ৰাজ্যবোৰে পূৰ্বৰে পৰাই নিজাববীয়াকৈ ৰূপায়ণ কৰি আছে ৷

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে মোডীৰ ‘আয়ুস্মান ভাৰত’ আঁচনিক ‘এক ডাঙৰ প্ৰতাৰণা’ বুলিও আখ্যা দিয়ে ৷ উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোডীয়ে দেশৰ কমেও ১০ কোটি পৰিয়ালৰ ৫০ কোটি মানুহক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ বাবে দেওবাৰে ঝাৰখণ্ডৰ ৰাঁচীত এই ‘অভিলাষী’ স্বাস্থ্য আঁচনি মুকলি কৰে ৷

৫ ৰাজ্যই ৰূপায়ণ নকৰে মোডীৰ ‘আয়ুস্মান ভাৰত’ আঁচনি

উদ্যোগপতি বিজয় মালিয়াৰ পলায়নত চৰকাৰৰ ভূমিকা, ৰাফেল বিমান ক্ৰয় দুৰ্নীতি আদিকে ধৰি বিভিন্ন ইছ্যুত বিব্ৰত হৈ পৰা নৰেন্দ্ৰ মোডী চৰকাৰে সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভোটাৰ জনতাক আকৃষ্ট কৰাৰ উদ্দেশ্যে এই ‘আয়ুস্মান ভাৰত’ স্বাস্থ্য বীমা আঁচনিৰ সূচনা কৰে ৷

ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে মোডীৰ আঁচনিক উপলুঙা কৰি কয় যে ‘আয়ুস্মান ভাৰত’তকৈ অধিক ভাল ‘স্বাস্থ্য কল্যাণ যোজনা’ ইতিপূৰ্বে তেওঁৰ চৰকাৰেই ৰাজ্যবাসীৰ বাবে ৰূপায়ণ আৰম্ভ কৰিছে ৷

তেওঁ কয়, তেওঁৰ চৰকাৰে আৰম্ভ কৰা ‘স্বাস্থ্য কল্যাণ যোজনা’ত মহিলাসকলৰ স্বাস্থ্য বীমা বাবদ ৭ লাখকৈ টকা ধাৰ্য কৰাৰ বিপৰীতে মোডীৰ ‘আয়ুস্মান ভাৰত’ আঁচনিত মাত্ৰ ৫ লাখ টকাহে ধাৰ্য কৰা হৈছে ৷

৫ ৰাজ্যই ৰূপায়ণ নকৰে মোডীৰ ‘আয়ুস্মান ভাৰত’ আঁচনি

মোডীয়ে দেশৰ ৫০ কোটি দৰিদ্ৰ মানুহৰ স্বাস্থ্য বীমাৰ বাবদ আয়ুস্মান ভাৰত আঁচনিত ১০.৭৪ কোটি টকা ধাৰ্য কৰিছে ৷ কিন্তু দেশবাসীয়ে এই বীমাৰ সুবিধা কেৱল চৰকাৰী চিকিৎসালয়তহে পাব ৷

২৫ ছেপ্টেম্বৰত দীনদয়াল উপাধ্যায়ৰ জন্মদিনত এই আঁচনিৰ ৰূপায়ণ আৰম্ভ হ’ব ৷

উল্লেখ্য যে ভাৰত চৰকাৰে চলোৱা ৭১সংখ্যক নেচনেল ছেম্পল ছাৰ্ভেৰ প্ৰতিবেদন মতে দেশৰ গ্ৰামাঞ্চলৰ ৮৫.৯ শতাংশ আৰু চহৰাঞ্চলৰ ৮২ শতাংশ পৰিয়াল স্বাস্থ্য বীমাৰ সুবিধাৰ পৰা বঞ্চিত ৷ 

Your Comments