তিনিচুকীয়া আৰক্ষীয়ে যিমান ড্ৰাগছ ধৰিছে বীৰ লাচিত সেনাই তাতকৈ বেছি ধৰিছে- শৃংখল চলিহা

A

নিউজ ডেস্ক:

মঙলবাৰে ডিগবৈত বীৰ লাচিত সেনাৰ কৰ্মীৰ ওপৰত আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক লৈ দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল বীৰ লাচিত সেনা অসমৰ।সংবাদমেলখন মুখ্য সচিব ৰণ্টুপানী ফুকন আৰু শৃংখল চলিহাই যৌথ ভাৱে সম্বোধন কৰে।সংগঠনটোৱে ড্ৰাগছৰ বিৰুদ্ধে বাহিৰ কৰা সমদলত সমদলকাৰীক বাধা দি আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ।ঘটনা নিন্দনীয়, গৰিহণাযোগ্য আখ্যা বীৰ লাচিত সেনাৰ।এই ঘটনাই তিনিচুকীয়া আৰক্ষী প্ৰশাসন ড্ৰাগছৰ ক্ষেত্ৰত মুখ্য পৃষ্ঠপোষক ভূমিকা লোৱা বুজাইছে।
মুখ্যমন্ত্ৰীৰ কথা আৰু কামৰ মাজত মিল নাই।ড্ৰাগছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে সষ্টম হোৱাৰ কথা কয় ৷ ৰহস্যজনক ভাৱে তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছৰ পক্ষত অৱস্থান কৰিছে।শীঘ্ৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক, SDPO হেমন্ত বড়ো আৰু আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ।
ইফালে সমদলকাৰীক আক্ৰমণ কৰা SDPO হেমন্ত বড়োক নিলম্বন নকৰিলে তিনিচুকীয়া বন্ধৰ হুংকাৰ শৃংখলৰ।মহিলা পুলিচৰ অবিহনে এগৰাকী ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। ভুৱা অভিযোগ জাপি আৰক্ষীয়ে বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰি আনি জেললৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে।তিনিচুকীয়া পুলিচে যিমান ড্ৰাগছ বেপাৰী ধৰিলে তাতকৈ বীৰ লাচিত সেনাৰ সৈনিকে  বেছি ধৰিছে- চলিহাই কয়।
'বীৰ লাচিত সেনাৰ সত্বাক মাৰি পিতি নাইকীয়া কৰিম বুলি ভবা ধাৰণা আৰক্ষীৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই ভুল ভাবিছে।ড্ৰাগছ বেপাৰীৰ পইচা আগতে লৈ থোৱাৰ বাবেই SDPO জনে সমদলত বাধা দিছিল।তিনিচুকীয়া জিলাত এতিয়া ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ মুখ্যপৃষ্ঠপোষক হিচাপে থিয় দিছে তিনিচুকীয়া আৰক্ষী-এই বিস্ফোৰক অভিযোগ বীৰ লাচিত সেনাৰ।

আনহাতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই শৃংখল চলিহাই কয়-সাহস আছে যদি তিনিচুকীয়াৰ কয়লা মাফিয়া কেইটাক ধৰি আৰক্ষীক দুচাত দিয়ক।
ইফালে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক নৰ্তকী  আখ্যা শৃংখল চলিহাৰ।আহোম জাতিক অপামন কৰাৰ অভিযোগত এজাহাৰ দিয়াৰ পিছতো আঙুৰলতাক সোধপোছ কৰিবলৈ সাহস নোহোৱা আৰক্ষীয়ে বীৰ লাচিত সেনাৰ সৈনিকক প্ৰহাৰ কৰি বৰমতা দেখুৱাইছে।  আঙুৰলতাক এজাহাৰ দিয়াৰ পিছতো থানাত মাতি সোধ পোছৰ নামত লাল চাহ একাপ খুৱাবলৈও সাহস নাই আৰক্ষীৰ।আঙুৰলতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব। আঙুৰলতাৰ কথা আমি পাহৰি যোৱা নাই।ক্ষমা খুজিব লাগিব আঙুৰলতাই- চলিহাই কয়।

Your Comments