বিহুক বিকৃত কৰি উপস্থাপন কৰা দোষীক কৰায়ত্তৰ দাবী বিহু কৃষ্টি পৰিষদৰ

A

নিউজ ডেস্ক:

জাতি-মাটি-ভেঁটিত উঠিছে কঁপনি!অসমীয়া জাতীয় স্বাভিমানক অপমান।ভাৰত চৰকাৰৰ অনুষ্ঠানত বিকৃত  ৰূপত উপস্থাপন অসমীয়াৰ আবেগ বিহু নৃত্য।সকলো দেখিও মৌন জাতি মাটি ভেঁটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ।কাৰ নেতৃত্বত বিকৃত ৰূপত এইদৰে উপস্থাপন হ’ল বিহু!জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন মহল, দল-সংগঠন।মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰিবলৈ ভাৰত চৰকাৰে পালাম বিমান বন্দৰত অনুষ্ঠিত কৰা আদৰণি অনুষ্ঠানত অসমীয়া জাতীয় স্বাভিমান বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ বিৰুদ্ধে গৰজি উঠিছে বিহু কৃষ্টি পৰিষদ।বিহুৰ নামত কৰিছে বহুৱালি,পিন্ধিছে জোতা।পৰিধান কৰা পোছাক আৰু বজোৱা বাদ্য বিহুৰ নহয়।দিছপুৰ প্ৰেছ ক্লাৱত আজি সংবাদমেল সম্বোধন কৰি কৃষ্টি পৰিষদৰ মুখপাত্ৰ ডঃ দ্বীপেন দাসে কয়- বিহুক বিকৃত  উপস্থাপনৰ উচিত তদন্ত হ’ব লাগে।কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অনুষ্ঠানত বিহু বিকৃত উপস্থাপনত জড়িত দোষী তিনি পৰ্যায়ত চিনাক্ত কৰিব লাগে।ইভেণ্ট মেনেজমেণ্ট কোম্পানী আৰু মেনেজমেণ্টৰ কৰ্তৃত্বত থকাসকলক চিনাক্ত কৰাৰ উপৰিও সমগ্ৰ অনুষ্ঠানটোৰ কৰিঅ'গ্ৰাফ কোনে কৰিছিল তাৰো হ’ব লাগে উচিত বিচাৰ।পূৰ্বতেও বিহু বিকৃত উপস্থাপনত জড়িত আছিল এগৰাকী তথা কথিত বিহুৱা।এইবাৰো যদিহে অসমীয়া জড়িত তেন্তে কঠোৰ শাস্তিৰ দাবী পৰিষদৰ।
ইফালে বিহুৰ যাতে বিকৃত উপস্থাপন নহয় তাৰ বাবে বিহুৰ পৰিৱেশ্য কলাক লৈ এখন চেঞ্চৰ বৰ্ড গঠনৰ দাবী পৰিষদৰ।তাৎপৰ্যপূৰ্ণ কথা এই যে জাতি মাটি ভেঁটি ৰক্ষাৰ কথা কোৱা চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীলৈ ঘটনাৰ উচিত তদন্তৰ দাবীৰে পৰিষদে প্ৰেৰণ কৰিছে পত্ৰ।এতিয়া ঘটনাৰে জড়িত দোষীক চিনাক্ত কৰি চৰকাৰে কি শাস্তি প্ৰদান কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব।

Your Comments