সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান

A

নিউজ ডেস্ক:

ৰাজ্যৰ সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি।বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান।আজি পুৱাতে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ বিশিষ্ট সাহিত্য গৰাকীৰ।ৰাজ্যৰ সাহিত্য জগতক নিজৰ সৃষ্টিৰে চহকী কৰি থৈ যোৱা গোস্বামীয়ে ২০০৬চনত লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা।ইয়াৰ উপৰিও ২০১৩চনত অসম উপত্যকা বঁটাৰেও সন্মানিত হৈছিল।উল্লেখ্য যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আজি পুৱা ৪.৪০বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগ ৰাকীয়ে।
আনহাতে বিশিষ্ট সাহিত্যিক গৰাকীৰ নশ্বৰ দেহ চিকিৎসালয় পৰা ঘৰলৈ নিয়াৰ পিছতে এক শোকাকূল পৰিৱেশ সৃষ্টি হয়।অজস্ৰ গুণমুগ্ধই শেষশ্ৰদ্ধা জনায় ।কিন্তু দুৰ্ভাগ্যজনক কথা এই যে,ৰাজ্য চৰকাৰৰ কোনো প্ৰতিনিধিয়ে শেষ শ্ৰদ্ধা নজনালে বিশিষ্ট সাহিত্যিক গৰাকীক।নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্নৰ সময়তো ৰাজ্য চৰকাৰৰ কোনো এজন প্ৰতিনিধিক দেখা নগল।

Your Comments