লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৃহত্তৰ খেৰাজখাত মৌজাৰ অগ্ৰণী ধৰ্মীয় অনুষ্ঠান খেৰাজখাত শংকৰজ্যোতি জন্মোৎসৱ সমিতিৰ উদ্যোগত যোৰহটীয়া গাঁৱৰ ৰাইজৰ আতিথ্যত স্থানীয় নামঘৰত ৬ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আজি পুৱতি নিশা সফল সামৰণি পৰে ।
বৃহত্তৰ খেৰাজখাত মৌজাৰ ২৭ খন গাঁৱৰ ৰাইজৰ সহযোগত ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা মহাপুৰুষ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিবেশ নিকাকৰন, সামুহিক নাম প্ৰসংগ, বিষয় বাছনি সভা,বন্তি প্ৰজ্বলন আৰু সামুহিক প্ৰাৰ্থনাৰ অন্তত দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে । দ্বিতীয় দিনা পুৱাৰ ভাগত অন্যান্য কাৰ্যসূচীৰ পিছতে দুপৰীয়া ১২ বজাৰ পৰা ন-পুৰণি সতীৰ্থ-শুভাকাংখি ৰাইজৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় । মহোৎসৱৰ তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা উষাকীৰ্ত্তনৰ পিছতে ৮ বজাত খেল পৰিচালনা সমিতিসমুহৰ সভাপতি সকলৰ সহযোগত খেৰাজখাত শংকৰজ্যোতি জন্মোৎসৱ সমিতিৰ সভাপতি জীৱেশ্বৰ শইকীয়াই ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পিছতে বৃক্ষ বন্ধু লীলা হাজৰিকা, প্ৰাক্তন সভাপতি যুক্তিনাথ বৰা,বয়োজ্যেষ্ঠ ব্যক্তি কনকেশ্বৰ বৰাই গছপুলি ৰোপণ কৰে ।
পুৱা ৯ বজাত ভাগৱত শাখা সমিতিৰ পৰিচালনাত ধৰ্মীয় সামুহিক শোভাযাত্ৰা উলিওৱা হয় । এই কাৰ্যসূচীৰ সমান্তৰালকৈ নামঘৰ প্ৰাংগণত সামুহিক নামপ্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয় । বিয়লি ২ বজাৰ পৰা স্থানীয় চামগুৰী গাঁৱৰ শিশু শিল্পী সকলৰ "ৰাম বিজয়" ভাওনা প্ৰদৰ্শন কৰাৰ পিছতে ৰাতিলৈ ঠাকুৰদলনী সন্মিলিত যুৱ সংঘৰ দ্বাৰা "দশৰথৰ দ্বিগবিজয় কুলাংগা সুৰ বধ" নাটৰ ভাওনা প্ৰদৰ্শন কৰে । মহোৎসৱৰ চতুৰ্থ দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিবেশ নিকাকৰণ,সামুহিক নাম ৰপ্ৰসংগৰ পিছতে দিনৰ ১১ বজাৰ পৰা সাহিত্য প্ৰতিযোগিতা আৰম্ভ হয় ।
কবিতা আবৃত্তি, বক্তৃতা, প্ৰহেলিকা আৰু চিত্ৰাংকন আদি বিষয়ৰ ওপৰত অনুষ্ঠিত প্ৰতিযোগিতাখন উদ্বোধন কৰে সদৌ অসম বাৰ্তাজীৱি সংঘৰ সাধাৰণ সম্পাদক টুটুমণি ফুকনে । স্থানীয় দেওতোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন শিক্ষক লোকেশ্বৰ বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰতিযোগিতাখনত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতা খনৰ অন্তত ৰাতিলৈ কঠাজান বনুৱা গাঁৱৰ ৰাইজৰ দ্বাৰা " পাণ্ডৱৰ অস্বমেধ যজ্ঞ ভীষণ দৈত্য বধ" নাটৰ ভাওনা প্ৰদৰ্শন কৰে ।
পঞ্চম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ সামুহিক নামপ্ৰসংগৰ পিছতে কৃষ্টি প্ৰতিযোগিতা আৰম্ভ হয় । অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ কাকতিৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰতিযোগিতাখন উদ্বোধন কৰে নাওবৈছা মহাবিদ্যালয়ৰ অধ্যাপক দ্বীজেন শৰ্মাই । প্ৰতিযোগিতাখনত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ৰাতিলৈ যমুনাখাত আহতগুৰি বৰ সত্ৰৰ শিল্পী সকলৰ দ্বাৰা "মাৰ্কণ্ডেয়ৰ পুনৰ্জন্ম" নাটৰ ভাওনা প্ৰদৰ্শন কৰে । মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি কালি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ, সামুহিক নামপ্ৰসংগৰ পিছতে দিনৰ ১১ বজাৰ পৰা ধৰ্মালোচনী সভা আৰম্ভ হয় ।
বয়োজ্যেষ্ঠ ব্যক্তি পদ্মধৰ শইকীয়াই উদ্বোধন কৰা সভাখনত সভাপতিত্ব কৰে লখিমপুৰৰ ঘাৰমৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামীয়ে । সভাখনত নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যোগেন্দ্ৰ নাথ শইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰখাৰ উপৰি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰাই ।
সভাখনত খেৰাজখাত শংকৰজ্যোতি জন্মোৎসৱ সমিতিৰ সভাপতি জীৱেশ্বৰ শইকীয়াই আদৰণি ভাষন প্ৰদান কৰাৰ লগতে সম্পাদক হেম বৰাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে । উক্ত সভাখনতে বিজয়ী প্ৰতিযোগীসকলক প্ৰতিভা পত্ৰ, কিতাপ আৰু আৰ্থিক মাননীৰে পুৰস্কৃত কৰা হয় । ৰাতিলৈ স্থানীয় গাঁৱৰ ৰাইজৰ দ্বাৰা "শিশুপাল বধ" নাটৰ ভাওনা প্ৰদৰ্শন কৰা হয় আৰু আজি পুৱতি নিশা ৬ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷
- Log in to post comments
- 48 views