নাৰায়ণপুৰত মিছিং সমাজৰ অগ্ৰণী ব্যক্তি হৰেন্দ্ৰ নাথ টায়ুঙৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

aa

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নুনিবাৰী গাঁৱৰ প্ৰয়াত পণ্ডিত ভগীৰথ টায়ুং আৰু য়াবৰী টায়ুংৰ কনিষ্ঠ পুত্র তথা ১১৪ নং সোনাৰিবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপাপ্ত প্ৰধান শিক্ষক হৰেন্দ্ৰ নাথ টায়ুং(৭৪)ৰ যোৱা ১২ ছেপ্টেম্বৰত মৃত্যু হয় ৷ মিচিং সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য, নামনি লখিমপুৰ জিলা মিচিং সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, নাৰায়ণপুৰ মিচিং সাংস্কৃতিক সংঘৰ প্ৰাক্তন সভাপতি, সু-লেখক-কবি টায়ুংৰ বাসগৃহত আজি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় ৷

়নাৰায়ণপুৰ মিচিং সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব বহন কৰি থকা অৱস্থাতে মৃত্যুক সাৱটি লোৱা হৰেন্দ্ৰ নাথ টায়ুংৰ গীতৰ সংকলন মিচিং নি:তম আবৃ, মিছিং গীতৰ কেছেট হৃদয়ৰ ভূমিকম্প, ৰজনীকান্ত বৰদলৈৰ মিৰি-জীয়ৰীৰ মিচিং ভাষাৰ নাট্যৰূপ 'মিচিং অমঐ'ৰ লগতে মিচিং ভাষাৰ বহু প্ৰবন্ধ, কবিতা লিখি মিচিং সাহিত্যলৈ টায়ুঙে আবদান আগবঢ়াই থৈ গৈছে ৷ ১৯৮৭ চনত প্ৰকাশিত মিচিং ভাষাৰ বাৰ্তালোচনী ৰৌঙামৰ সম্পাদকৰ দৰে দায়িত্ব বহন কৰা টায়ুং অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ থকাৰ উপৰিও মিচিং স্বায়ত্ত শাসিত পৰিষদ দাবী সমিতিৰ এজন সক্ৰিয় সদস্য আৰু গুৱাহাটী চিনে ক্লাবৰ এজন আজীৱন সদস্য আছিল ৷

মিচিং সমাজৰসকলো দিশতে এগৰাকী অগ্ৰনী ব্যক্তি হিচাপে পৰিচিত হৰেন্দ্ৰ নাথ টায়ুঙৰ মৃত্যুত আজি অনুষ্ঠিত স্মৃতিচাৰণ সভাখনিত টায়ুঙৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ ইয়াৰ পাছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অৱসৰপাপ্ত প্ৰধান শিক্ষক ভানু দলে, শিক্ষক দেবেন্দ্ৰ নাথ টায়ুং, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন সদস্য জগনাথ দলে, টি এম পি কেৰ সত্যনাৰায়ণ মিলি, বিষ্ণু দলে, নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি গজেন হাজৰিকা, বৰ্তমানৰ উপ-সভাপতি চিত্রনাথ গগৈ,সম্পাদক দিপান্ত কাকতি, প্ৰাক্তন উপ-সভাপতি গোপাল গোৱালা, সমাজ সেৱক খগেশ্বৰ টায়ুং,নুনিবাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জগনাথ টায়ুং আৰু অজয় মিচং,নুনিবাৰী পুনচানী দৃৰবৃ কাবাং, নুনিবাৰী ফুটবল ক্লাৱৰ সদস্যসকলকে ধৰি যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ৷

সভাত প্ৰয়াত সৰবৰহী ব্যক্তি টায়ুঙৰ বিগত দিনৰ কৰ্মৰাজিৰ স্মৰণ কৰি কেইবাগৰাকী লোকে বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য যে মৃত্যৰ সময়ত বৃহত্তৰ অঞ্চলটোৰ দ্বিতীয়গৰাকী স্নাতক টায়ুঙে দুগৰাকী পত্নী, দুজন পুত্র-চাৰিগৰাকী কন্যা, বোৱাৰী, নাতি-নাতিনীসহ এনেকজন গুণমুগ্ধ এৰি থৈ যায় ৷

Your Comments