
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে শিৱৰ ভাওঁ ধৰি গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক মুকলি কৰিলে নগাঁও আৰক্ষীয়ে।হৰ-গৌৰী ৰূপত মটৰচাইকেলত উঠি আহি মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাটৰ নাটৰ যোগেৰে প্ৰতিবাদ কৰিছিল বিৰিঞ্চি বৰা আৰু তেওঁৰ সহযোগীয়ে।নগাঁও চহৰৰ ৰাজপথত শনিবাৰে হৰ-গৌৰীৰ প্ৰতীকী প্ৰতিবাদে ধৰ্মীয় অনুভূতিক আঘাত কৰা বুলি নগাঁও সদৰ আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ।গোচৰৰ ভিত্তিত বাটৰ নাটকত শিৱৰ চৰিত্ৰত অভিনয় কৰা যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল নগাঁও সদৰ আৰক্ষীয়ে।দেওবাৰে ভোলানাথৰ চৰিত্ৰত অভিনয় কৰা বিৰিঞ্চি বৰাক মুকলি কৰি দিবলৈ নগাঁও আৰক্ষীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
"কোনো প্ৰতীকী পোছাক পৰিধান কৰি বাটৰ নাটক কৰাটো অপৰাধ হিচাপে গণ্য কৰা নহয়!”নগাঁৱৰ ঘটনা সন্দৰ্ভত টুইট যোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
- Log in to post comments
- 6 views