মণিপুৰৰ ভুমিস্খলনত সন্ধানহীন ঘগ্ৰাপাৰৰ শ্ৰমিক

A

নিউজ ডেস্ক:

মণিপুৰৰ ননে জিলাৰ টুপুলত পৰহি নিশা সংঘটিত ভয়াৱহ ভুমিস্খলনৰ কবলত পৰি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বৰাজোলৰ ৰাজু আলী(৩৩) নামৰ শ্ৰমিকজন  সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল‍্য সৃষ্টি কৰিছে।পৰহি নিশা ১০ বজালৈ পৰিয়াল আৰু আত্মীয়ৰ সৈতে ফোনেৰে যোগাযোগ হোৱাৰ পিছৰে পৰা আজি পৰ্যন্ত তেওঁৰ ম'বাইল ফোন বন্ধ হৈ থকাত পৰিয়াল তথা ৰাইজে শ্ৰমিক ৰাজু আলীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।উল্লেখ‍্য যে বৰাজোল গাঁৱৰ প্ৰয়াত হামিদ আলীৰ একমাত্ৰ পুত্ৰ ৰাজু আলীয়ে ভি এচ চি নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰ মুহিত লাল দাসৰ অধীনত শ্ৰমিক হিচাপে কাম কৰাৰ উদ্দেশ্যে  মণিপুৰলৈ গৈছিল।উক্ত কোম্পানীটোৱে ননে জিলাৰ টুপুলত ৰেলপথ নিৰ্মাণত জড়িত হৈ আছিল।ইয়াৰ অংশস্বৰূপে ৰেল লাইন স্থাপন কাৰ্যৰ সা-সামগ্ৰী ৰক্ষা আৰু শ্ৰমিকসকলক থকাৰ সুবিধা কৰি দিয়াৰ উদ্দেশ্যে ভি এচ চি কোম্পানীয়ে এটা বৃহৎ শিবিৰ স্থাপন কৰিছিল।সেই শিবিৰটোৰ ওপৰতে পৰহি নিশা ভূমিস্খলন হোৱাত বৰাজোলৰ শ্ৰমিক ৰাজু আলীৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে।উল্লেখ‍্য যে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰাজু আলীৰ আবৰ্তমানত মাতৃ,পত্নী আৰু এমাডিমা দুজন পুত্ৰই অনিশ্চয়তাৰে দিন পাৰ কৰিছে।সন্ধানহীন শ্ৰমিকজনক উদ্ধাৰৰ ব‍্যৱস্থা লবলৈ পৰিয়ালৰলোক আৰু ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে।

Your Comments