
নিউজ ডেস্ক:
অসমীয়া ছবিজগতলৈ সু-খবৰ।অসমীয়া ছবিজগতলৈ আহি আছে পুনৰ এখন ব্যতিক্ৰমধৰ্মী ছবি 'বুলু ফিল্ম'।ছবিখনৰ পৰিচালক বিশিষ্ট নাট্যকাৰ হিমাংশু প্ৰসাদ দাস।অহা ৯ছেপ্টেম্বৰত অসমৰ প্ৰতিটো ছবি গৃহতে মুক্তি লাভ কৰিব ছবিখনে।দক্ষিণ কামৰূপৰ এখন গাঁৱৰ পটভূমিত ৰচনা হৈছে ছবিখন।ছবিখনৰ বিষয় বস্তু লকডাউনে প্ৰভাৱ পেলোৱা মধ্যবিত্ত শ্ৰেণীৰ তিনি গৰাকী যুৱকৰ বিশেষ উপাৰ্জনৰ আহিলা।বুলু ফিল্ম নিৰ্মান কৰি টকা উপাৰ্জনৰ সপোন দেখে তিনিগৰাকী যুৱকে।চিনেমাখনে বিভিন্ন শিতানত ইতিমধ্যে বঁটাও লাভ কৰিছে ।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস,চাংকু নিৰঞ্জন নাথ আৰু মহৰ্ষি তুহিন কাশ্যপ প্ৰমুখ্যে বহুসংখ্যক ন-পুৰনি অভিনেতা অভিনেত্ৰীয়ে।
- Log in to post comments
- 129 views