
নিউজ ডেস্ক:
দুৰ্যোগৰ সময়ত দান সাহায্য দিলে ধন্যবাদ দিব লাগে।কিন্তু দানকাৰী শিৱসেনা বিসম্বাদী বিধায়কে অসমত আহি অসমৰ বদনাম কৰিলে।তেওঁলোকৰ আগমনৰ উদ্দেশ্য ভাল নাছিল- এই মন্তব্য কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ।
শিণ্ডে গোটে গুৱাহাটী ত্যাগ কৰাৰ পূৰ্বে কামাখ্যা মন্দিৰ দর্শন কৰাৰ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে, বেয়া মনৰ বিধায়কসকলৰ কলুষিত মনবোৰ ভাল হওঁক।
মুখ্যমন্ত্ৰীয়ে কৈ আছে মহাৰাষ্ট্ৰ বিসম্বাদী বিধায়কৰে অসমৰ কোনো সম্পৰ্ক নাই।সেই প্ৰসংগত বিধায়ক হুছেইনে কয়- বিজেপিৰ সেউজ সংকেত নাপালে বিসম্বাদী বিধায়কে অসমলৈ আহিব নোৱাৰিল হেঁতেন।
- Log in to post comments
- 10 views