
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ পূব শৰণীয়া মমতা ৱেলনেচ নামৰ নিচামুক্তি কেন্দ্ৰত মৃত্যু হোৱা পিংকু নাথ নামৰ যুৱক জনক হত্যা কৰাৰ অভিযোগত কেন্দ্ৰটোৰ দুজন যুৱকক গ্ৰেপ্তাৰ।ধৃত যুৱক দুজন হৈছে নাৰেংগীৰ ভাৰ্গব দলে(২৭) আৰু যোৰহাটৰ মাধুৰ্য শৰ্মা(৩০)।ধৃত যুৱকদ্বয়ক চান্দমাৰি আৰক্ষীয়ে শণিবাৰে আদালতত হাজিৰ কৰায়। গ্ৰেপ্তাৰ কৰা দুই যুৱক কেন্দ্ৰটোৰ কৰ্মচাৰী।অভিযোগ মতে দুই যুৱকৰ প্ৰহাৰতে নিচামুক্তি কেন্দ্ৰটোত পিংকু নাথৰ মৃত্যু হৈছিল।
উল্লেখ্য যে, যোৱা ৩০মে'ত মৃত যুৱকজনক ভৰ্তি হৈছিল নিচামুক্তি কেন্দ্ৰটোত।কিন্তু শুক্ৰবাৰে পুৱা সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতহে খৱৰ দিয়া হয় পৰিয়ালক।মৃত পিংকুৰ দেহত আঘাতৰ চিন স্পষ্ট আৰু হাত এখন ভঙা আছিল।কেন্দ্ৰটোত মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
ইফালে চানমাৰী আৰক্ষী থানাত মমতা ৱেলনেচ নামৰ নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে পৰিয়ালে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৩০২/৩৪ ধাৰাৰ অধীনত ২৪৮/২২নম্বৰত গোচৰ ৰুজু কৰি দুই যুৱকদ্বয়ক গ্ৰেপ্তাৰ কৰে।
- Log in to post comments
- 9 views